কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে ৰাজনৈতিক ক্ষেত্ৰত তীব্ৰ আলোড়ন

কংগ্ৰেছৰ ৪২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই অসমৰ ৰাজনৈতিক পৰিসৰত এক তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। বিশেষকৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ নাম ঘোষণা কৰা বিষয়টো ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
220

ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে কংগ্ৰেছৰ ৪২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই অসমৰ ৰাজনৈতিক পৰিসৰত এক তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। বিশেষকৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ নাম ঘোষণা কৰা বিষয়টো ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন এই সিদ্ধান্ত কংগ্ৰেছৰ নিজা নে হিমন্ত বিশ্বৰ সুচিন্তিত এক পৰিকল্পনা ? উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ নাম ঘোষণাৰ পিছতে দলীয় শিবিৰৰ ভিতৰতেই মতানৈক্যৰ সৃষ্টি হয়। কংগ্ৰেছৰ একাংশ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে, গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলিবলৈ লোৱাটো অতি সুখৰ কথা, বিশেষকৈ উজনি অসমৰ ৰাজনীতিত ই এক পৰিৱৰ্তনৰ সূচনা কৰিব।

উজনি অসমৰ ৰাজনীতিত নতুন শক্তি সঞ্চাৰ কৰাৰ ক্ষেত্ৰত এই সিদ্ধান্তই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কিন্তু আন এটা সূত্ৰই জনাই যে, “গৌৰৱ গগৈক যোৰহাটত প্ৰক্ষেপ কৰাটোত কংগ্ৰেছত থকা বিজেপিৰ এজেণ্টৰ পাকচক্ৰত হৈছে।” তেওঁলোকৰ মতে গৌৰৱ গগৈ যিহেতু মুখ্যমন্ত্ৰী পদৰো প্ৰাৰ্থী সেয়েহে যোৰহাটৰ দৰে অনিশ্চিত এটা সমষ্টিত গৌৰৱ গগৈক ব্যস্ত ৰখাটো মুখ্যমন্ত্ৰীৰ নেৰেটিভ মতে চলিছে যেন অনুমান হয়।

তেওঁ কয়, “যোৰহাটত গৌৰৱ গগৈক ব্যস্ত ৰাখি অসম দখলৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু গৌৰৱ গগৈ এই চক্ৰান্তত ভৰি দিছে।” লগতে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে, এই পদক্ষেপত দলৰ ভিতৰতে বিজেপিৰ এজেণ্টৰ প্ৰভাৱ আছে। এই সন্দৰ্ভত কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অভিযোগ উত্থাপন কৰিছে যে, এই সিদ্ধান্তত বিজেপিৰ কৌশলগত লাভ হ’ব পাৰে।

যোৰহাটত বিজেপিয়ে এক শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে সমষ্টিবাসীৰ পৰা আঁতৰত থকাৰ বিষয়টো মূল ইছ্যু হিচাপে তুলি ধৰিব পাৰে। যোৱা দুটা বছৰত গৌৰৱ গগৈৰ স্থানীয় উপস্থিতিৰ অভাৱক বিজেপিয়ে তীব্ৰভাৱে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই স্পষ্টকৈ কয়, “এই সম্পৰ্কে আমি সাৱধান বাণী দিছিলোঁ। নগাঁও বা তিতাবৰৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলা আৰু যোৰহাটৰ পৰা খেলাৰ মাজত বৃ্হৎ পাৰ্থক্য আছে।

যিহেতু তেওঁ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সেয়ে তেওঁ সুনিশ্চিত বিজয় থকা এটা সমষ্টিত নিৰ্বাচন খেলিব লাগিছিল।”  ইয়াৰ বিপৰীতে দলৰ আন একাংশই কয় যে, প্ৰাৰ্থী তালিকা কেন্দ্ৰিক অসন্তোষ যিকোনো ৰাজনৈতিক দলতেই সাধাৰণ ঘটনা। কিন্তু এইবাৰ যি বিষয়টো বিশেষকৈ চৰ্চাত আহিছে সেয়া হৈছে বংশবাদৰ অভিযোগ।

তৃণমূল পৰ্যায়ত দীঘলীয়া সময় ধৰি কাম কৰি অহা নেতা-কৰ্মীসকলক উপেক্ষা কৰি নেতাৰ সন্তান বা পৰিয়ালৰ সদস্যক পেৰাচ্যুট লেণ্ডিঙৰ দৰে প্ৰক্ষেপ কৰাৰ অভিযোগ উঠিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই ইছ্যুটো বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা নাকচ কৰিব নোৱাৰি।

অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ