যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে ভয়ংকৰ কূটাঘাত, চৰকাৰক জনালে ভাৰতীয় চোৰাংচোৱাই

যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে ভয়ংকৰ কূটাঘাত, চৰকাৰক জনালে ভাৰতীয় চোৰাংচোৱাই

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ পিছতে ইছলামিক ষ্টেট আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। দেওবাৰে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

চোৰাংচোৱা সংস্থাৰ মতে ইছলামিক ষ্টেট সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ লগতে কেৰালা, তামিলনাডু আদি কেইবাখনো ৰাজ্যত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্য কৰি লৈছে। তাৰ বাবে ইতিমধ্যে সন্ত্ৰাসবাদীৰ দল ভাৰত প্ৰৱেশ কৰাৰো আশংকা কৰা হৈছে। সময় থাকোতেই যাতে সন্ত্ৰাসবাদীৰ কূটাঘাত ৰোধ কৰিব পাৰি, সেইবাবে কেন্দ্ৰীয় চৰকাৰক এই অতি সংবেদনশীল গোপন খবৰৰ বিশয়ে অৱগত কৰিছে চোৰাংচোৱা সংস্থাই।

অন্যহাতে চোৰাংচোৱা সংস্থাৰ খবৰৰ পিছতে কূটাঘাত সংঘটিত হ'ব পৰা অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ নিৰ্দেশ দিয়া হৈছে। সকলো সময়তে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীক সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে। সূত্ৰৰ খবৰ অনুসৰি ইছলামিক ষ্টেট আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদীয়ে সোমবাৰে পালন হ'বলগা ঈদৰ মাজতে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in