/asomiyapratidin/media/media_files/2026/01/15/vsadaszscdsa-2026-01-15-17-22-06.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌবাহিনীৰ জাহাজ আই এন এছ ভি কৌণ্ডিন্যই পোৰবন্দৰৰ পৰা প্ৰথম যাত্রা সফলতাৰে সম্পন্ন কৰি ওমানৰ মাস্কেটত প্ৰৱেশ কৰিছে, যিয়ে ভাৰত আৰু ওমানৰ মাজৰ সামুদ্রিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ মুহূর্ত চিহ্নিত কৰিছে। বৃহস্পতিবাৰে এই জাহাজখনে পোর্ট ছুলতান কাবুচত প্ৰৱেশ কৰাৰ সময়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আদৰণি জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-202-2026-01-15-17-22-23.jpeg)
এই যাত্ৰাই দুয়োখন ৰাষ্ট্ৰৰ মাজৰ গভীৰ সামুদ্রিক, সাংস্কৃতিক আৰু সভ্যতাগত সম্পর্ক প্রকাশিত কৰিছে, যি ৫,০০০ বছৰৰো অধিক কাল ধৰি বিস্তৃত। ইয়াৰ উপৰি ইয়ে মহাসাগৰসমূহক সংযোগকাৰী পথ হিচাপে চিহ্নিত কৰিছে, যিয়ে শতিকাজুৰি ভাৰত আৰু ওমানৰ মাজত স্থায়ী যোগাযোগ স্থাপন কৰিছে। এই অভিযানৰ অধিক গুৰুত্ব আছে, কাৰণ দুয়োখন দেশে কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ পূৰ্তি উদযাপন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-im-2026-01-15-17-22-42.jpeg)
অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "এই সফলতা কেৱল এটা যাত্ৰাৰ উদযাপন নহয়, বৰঞ্চ সভ্যতাগত বান্ধোনৰ উদযাপন। মাস্কেটত এই ভাৰতীয় জাহাজৰ আগমন ভাৰত-ওমানৰ স্থায়ী মিত্ৰতাৰ প্ৰতীক। আই এন এছ ভি কৌণ্ডিন্য মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ উজ্জ্বল নিদর্শন। ভাৰতৰ প্ৰাচীন জাহাজ নির্মাণ দক্ষতাক পুনৰ জাগ্ৰত কৰি বিশ্বৰ সন্মুখত গৌৰৱেৰে উপস্থাপন কৰাৰ তেওঁৰ সংকল্প আছিল। আৰু এতিয়া সেয়া পূর্ণোদ্যমে বাস্তৱায়িত হৈছে।"
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-17-23-04.jpeg)
সোণোৱালে লগতে উল্লেখ কৰে যে, প্রখ্যাত ভাৰতীয় নাবিক কৌণ্ডিন্যৰ নামত নামকৰণ কৰা জাহাজখনে ভাৰতৰ স্বদেশী সামুদ্রিক জ্ঞান, কাৰিকৰী কৌশল আৰু বহনক্ষম জাহাজ নির্মাণ পদ্ধতিক প্রদর্শন কৰে। এই অভিলাষী প্রকল্প প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় নৌবাহিনীৰ দ্বাৰা সম্পাদিত হৈছে, য'ত সহায় কৰিছে নৌ-স্থপতিবিদ, পুৰাতত্ত্ববিদ, পৰম্পৰাগত জাহাজ নির্মাণ ডিজাইনাৰ আৰু মাষ্টাৰ শ্বিপৰাইটে। অজন্তা গুহাচিত্রত চিত্ৰিত পঞ্চম শতিকাৰ জাহাজৰ পৰা অনুপ্রাণিত হৈ আই এন এছ ভি কৌণ্ডিন্যক প্রাচীন ভাৰতীয় জাহাজ নির্মাণ কৌশল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-17-23-17.jpeg)
বন্দৰত অনুষ্ঠিত আদৰণি অনুষ্ঠানত ওমানৰ পৰ্যটন, ঐতিহ্য মন্ত্রণালয়ৰ অধীনস্থ সচিব আজান আল বুছাইদী, ভাৰতীয় নৌবাহিনীৰ জ্যেষ্ঠ বিষয়া, ৰয়েল নেভী অৱ ওমান, ৰয়েল ওমান পুলিচ কোস্ট গার্ড আৰু অন্যান্য মন্ত্রণালয়ৰ বিষয়াসকল উপস্থিত আছিল। ছাত্র-ছাত্রীসহ ভাৰতীয় সম্প্রদায়ে উৎসাহেৰে জাহাজখনক আদৰণি জনাইছিল। আনুষ্ঠানিক আদৰণি অনুষ্ঠানত পৰম্পৰাগত ভাৰতীয় আৰু ওমানী সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছিল।
ইয়াৰ পাছতে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ওমানৰ পৰিবহণ, যোগাযোগ আৰু তথ্য-প্রযুক্তি মন্ত্রী ছৈইদ বিন হামুদ বিন ছৈইদ আল মাৱালীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়, য'ত দুয়োগৰাকী নেতাই দুয়োখন ৰাষ্ট্ৰৰ মাজত সামুদ্রিক সহযোগিতাৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে। সৰ্বানন্দ সোণোৱালে ভাৰতৰ দ্রুত বিকাশমুখী বন্দৰ আৰু সামুদ্রিক খণ্ডত ওমানী কোম্পানীসমূহৰ অংশগ্ৰহণৰ উল্লেখযোগ্য সুযোগসমূহ তুলি ধৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-2026-01-15-17-23-59.jpeg)
সৰ্বানন্দ সোণোৱালেসদৰী কৰে যে, ভাৰতৰ অভিলাষী বন্দৰ-নেতৃত্বাধীন আন্তঃগাঁথনিমূলক প্রকল্পসমূহে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP) পৰিকাঠামোৰ অধীনত বিনিয়োগৰ আকর্ষণীয় পথ ত্বৰান্বিত কৰিছে। এইসমূহৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ প্ৰকল্প অন্তর্ভুক্ত, যাৰ আনুমানিক বিনিয়োগ ৯ বিলিয়ন ডলাৰ আৰু পৰিকল্পিত ক্ষমতা ২৩ মিলিয়ন টি২০-ফুট সমতুল্য ইউনিট (TEUS), আৰু তামিলনাডুৰ তুটিকোৰিন বন্দৰ প্ৰকল্প, যাৰ মূল্য ১.৩ বিলিয়ন ডলাৰ আৰু ক্ষমতা ৪ মিলিয়ন টি ই ইউ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-2026-01-15-17-23-39.jpeg)
ইয়াৰ লগতে সোণোৱালে ভাৰতৰ ৮.৪ বিলিয়ন ডলাৰৰ সামুদ্রিক উন্নয়ন পেকেজৰ ৰূপৰেখা দাঙি ধৰে, যিয়ে জাহাজ নির্মাণ ব্যৱস্থাপনাক শক্তিশালী কৰিবলৈ লক্ষ্য ৰাখিছে। এই উদ্যোগে জাহাজ নির্মাণ ক্লাষ্টাৰ সৃষ্টি, জাহাজ নির্মাণ-নেতৃত্বাধীন ঔদ্যোগীকৰণ, উৎসর্গিত গৱেষণা, উন্নয়ন আৰু এটা সামুদ্রিক উন্নয়ন পুঁজি স্থাপনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ ভাৰত আৰু ওমানৰ মাজত এটা গ্রীণ শ্বিপিং কৰিডৰ স্থাপনৰ প্ৰস্তাৱ দিছে, যিটো ভৱিষ্যতৰ সহযোগিতাৰ মূল ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ওমানৰ মাজত সামুদ্রিক ঐতিহ্য আৰু সংগ্ৰহালয়ৰ সন্দৰ্ভত হোৱা বুজাবুজিৰ চুক্তিক আদৰণি জনায়, যিয়ে দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতাক অধিক গভীৰ কৰিব। ভাৰত আৰু ওমানে বন্দৰ, জাহাজ নির্মাণ আৰু নাবিক খণ্ডত বৃদ্ধি পোৱা সহযোগিতাৰ জৰিয়তে সামুদ্রিক সম্পর্কক শক্তিশালী কৰি আহিছে আৰু বৃদ্ধি পোৱা সংযোগ, বহনক্ষম জাহাজ পৰিবহণ উদ্যোগক ত্বৰান্বিত কৰিছে বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us