আইআৰডিএআই অনুমোদিত ট্রাষ্টনাৰে ৰাজ্যত আৰম্ভ কৰিছে ইন্সিওৰেন্স ব্ৰকাৰিঙৰ ব্যৱসায়

অসমৰ বিত্তীয় সেৱা খণ্ডত এক নতুন সংযোজন। ট্রাষ্টনাৰ ইন্সিওৰেন্স ব্ৰকাৰ্ছ প্রাইভেট লিমিটেডে অসমত আনুষ্ঠানিকভাৱে নিজৰ ইন্সিওৰেন্স ব্ৰকাৰিং ব্যৱসায় আৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
আইআৰডিএআই অনুমোদিত ট্রাষ্টনাৰে ৰাজ্যত আৰম্ভ কৰিছে ইন্সিওৰেন্স ব্ৰকাৰিঙৰ ব্যৱসায়

আইআৰডিএআই অনুমোদিত ট্রাষ্টনাৰে ৰাজ্যত আৰম্ভ কৰিছে ইন্সিওৰেন্স ব্ৰকাৰিঙৰ ব্যৱসায়

ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ বিত্তীয় সেৱা খণ্ডত এক নতুন সংযোজন। ট্রাষ্টনাৰ ইন্সিওৰেন্স ব্ৰকাৰ্ছ প্রাইভেট লিমিটেডে অসমত আনুষ্ঠানিকভাৱে নিজৰ ইন্সিওৰেন্স ব্ৰকাৰিং ব্যৱসায় আৰম্ভ কৰে। এই কোম্পানী আই আৰ ডি এ আইৰ অনুমোদিত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইন্সিওৰেন্স ব্ৰকাৰ, যাৰ মুখ্য কার্যালয় গুৱাহাটীত অৱস্থিত।

Advertisment

এই শুভাৰম্ভ অনুষ্ঠানত বীমা আৰু বিত্তীয় খণ্ডটোৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। এই সন্দৰ্ভত ট্রাষ্টনাৰৰ চিইঅ' তথা পৰিচালন সঞ্চালক ৰাম শ্বাহে সংবাদমেলত সদৰি কৰে যে, "ট্রাষ্টনাৰ কেৱল এটা কোম্পানী নহয়, এটা অভিযান- যাৰ উদ্দেশ্য হৈছে ইন্সিওৰেন্সক অধিক সৰল, বিশ্বাসযোগ্য আৰু অসমৰ পৰা গঢ়ি তোলা। আমাৰ কোম্পানী অসমত জি এছ টি আৰু ইনকাম টেক্সৰ অধীনত পঞ্জীয়নভুক্ত, যাৰ ফলত অসম চৰকাৰৰ ৰাজহ বৃদ্ধি হ'ব।"

উল্লেখযোগ্য যে, ট্রাষ্টনাৰে জীৱন, স্বাস্থ্য আৰু সাধাৰণ ইন্সিওৰেল্সৰ ক্ষেত্ৰত ডিজিটেল অনব'র্ডিং, ক্লেইম সহায় আৰু পৰামৰ্শভিত্তিক সেৱা আগবঢ়াইছে। বর্তমানে ৫৫ জন কৰ্মচাৰীৰে আৰম্ভ কৰা এই কোম্পানীয়ে পৰৱৰ্তী ৫ বছৰত ২৫০০ৰো অধিক লোকক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে, যি উত্তৰ-পূব ভাৰতত নিযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হ'ব। শীর্ষস্থানীয় কৰ্প'ৰেট আৰু উদ্যোগপতিসকলৰ পৰামৰ্শত গঠিত এই কমপ্লায়েন্সপ্রধান, প্রযুক্তিনির্ভৰ কোম্পানীটোৱে ভাৰতৰ লগতে বিশ্ববজাৰত গৌৰৱৰ সৈতে আগবঢ়াৰ লক্ষ্য লৈছে। 

ইন্সিওৰেন্স