চতিয়াৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ বিষয়াৰ

মধ্য নাগশংকৰ এলেকাৰ  বালিডোঙা , সদাইবৰা, বুকুভঙা, ওৰাং গাঁও, ১ নং ইটাখোলা  আদিকে ধৰি বহুকেইখন গাঁও তথা কৃষি পথাৰসমুহ দিকৰাই নদীৰ বাঢ়নী পানীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত কৰিছিল৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-18 at 3.27.39 PM

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  চতিয়াৰ ইটাখোলাত মধ্য নাগশংকৰ এলেকাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ বিষয়াই। মধ্য নাগশংকৰ এলেকাৰ  বালিডোঙা , সদাইবৰা, বুকুভঙা, ওৰাং গাঁও, ১ নং ইটাখোলা  আদিকে ধৰি বহুকেইখন গাঁও তথা কৃষি পথাৰসমুহ দিকৰাই নদীৰ বাঢ়নী পানীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত কৰিছিল৷

 বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত মধ্য নাগশংকৰ পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰাই আজি ক্ষতিগ্ৰস্ত গাঁও তথা অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ তেওঁক সংগ দিয়ে জল সম্পদ বিভাগৰ  নদুৱাৰ উপ জিলাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গোপীনাথ বৰদলৈ, কনিষ্ঠ অভিযন্তা প্ৰণৱ জ্যোতি গগৈ আৰু শাখা সহায়ক দীপক হাজৰিকাই।

উল্লেখ কৰা প্ৰয়োজন যে, জলসম্পদ বিষয়াগৰাকীয়ে অতি সোনকালে নদী বান্ধ দিয়াৰ ব্যৱস্থা কৰি  এই সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে। 

চতিয়া