/asomiyapratidin/media/media_files/2026/02/28/192-2026-02-28-22-05-47.jpg)
ডিজিটেল সংবাদ, গহপুৰ : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা INSCIGNIS কাৰ্য্যসূচীত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ মুঠ ৩৫ গৰাকী ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ পাৰদৰ্শিতা ফুটাই তুলিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা যোৱা ছাত্র-ছাত্ৰী সকলে বিজ্ঞানৰ বিভিন্ন মডেল প্ৰদৰ্শন কৰি পৰ্য্যবেক্ষক সকলৰ সন্মুখত মডেল সমূহৰ বিষয়ে বাখ্যা আগবঢ়ায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/28/whatsapp-i-2026-02-28-22-06-10.jpeg)
তদুপৰি একাংশ ছাত্র-ছাত্ৰীয়ে কুইজ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে। অসম ভিত্তিত অনুষ্ঠিত হোৱা উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকল হৈছে ক্ৰমে অষ্টম শ্ৰেণীৰ অভিজ্ঞান বৰঠাকুৰ, ৰিয়ানৰাজ ভূঞা, কিংশূক শৰ্মা, নৱম শ্ৰেণীৰ জ্যোতিস্ক প্ৰিতম বৰা,অংশুমান গোস্বামী, ৰৌনক বৰা,ৰোহন ছেত্ৰী,শ্বন নেলভিন,শ্ৰৱণ আচাৰ্য্য, আইচা হাজৰিকা, ভাশ্বত ভৰদ্বাজ,চাৰবিনং টেৰাং,আফৰুজ আখটাৰ,বৰষা দাস,কৃতিকা দাস,ময়ূৰী বৰুৱা,অশ্লেষা চলিহা,প্ৰতুষা চলিহা,নিচমিতা ছিল,মনালিছা তাঁতি,প্ৰাপ্তি কাশ্যপ,শ্ৰুতি টেৰাংপি আৰু প্ৰথিত কুমাৰ ওজা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/28/whatsapp-imag-2026-02-28-22-06-25.jpeg)
একেদৰে দশম শ্ৰেণীৰ মানস কাৰ্ডং,আধ্ৰিত নাৰায়ণ কেচি,পৰাশ শইকীয়া, প্ৰণয় মহন্ত,জোনাক নিবিড় বৰা,অৰ্পণ শৰ্মা, জনিত আগৰৱালা, কৌশিক ৰঞ্জন দত্ত,আনন্দ ৰংপী,সিদ্ধাৰ্থ পায়েং,অংশু কৈৰালা আৰু কৌস্তৱ ভট্টাচাৰ্য্য।বিদ্যালয়খনৰ শিক্ষক ৰুদ্ৰ ভড়ালী, অনুপম শইকীয়া, কিষাণ কন্ধ,জানু বৰুৱা আৰু কাবেৰী কৌৰৰ নেতৃত্বত উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে গৈছে ছাত্র-ছাত্ৰীসকল। ইপিনে আজি প্ৰথম দিনৰ কাৰ্য্যসূচীত মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা,সহকাৰী শিক্ষক বিনোদ কুৰ্মী আৰু উপদেষ্টা অপূৰ্ব সিংহ উপস্থিত হৈ ছাত্র-ছাত্ৰীসকলক উৎসাহিত কৰে।
ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, কামৰূপ, শোণিতপুৰ, বিশ্বনাথকে ধৰি কেইবাখনো জিলাৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us