/asomiyapratidin/media/media_files/2026/01/23/fdfsddfsdsdsd-2026-01-23-21-47-16.jpg)
ডিজিটেল ডেস্কঃ অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্রকল্পত অনুমোদন জনাইছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কেৰালাৰ কোচিত অনুষ্ঠিত পৰিষদৰ তৃতীয় অধিবেশনত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে।
এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্রচেষ্টাৰে অন্তৰ্দেশীয় জলপথসমূহৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে মালবাহী পৰিবহণ, যাত্ৰী সেৱা আৰু নদী পর্যটন সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। পৰিষদে ৯০০ কোটি টকাৰো অধিক মূল্যৰ নতুন অন্তৰ্দেশীয় জলপথ প্রকল্পৰ ৰূপায়ণৰ অনুমোদনো জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/55ec2dce-cfe4-4444-9f33-4f6d1fabc6ef-2026-01-23-21-48-17.jpg)
ইফালে, উত্তৰ-পূবাঞ্চলৰ বাবে উল্লেখযোগ্য ঘোষণা হিচাপে ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে ৮৫টা নতুন নদী জেটি নিৰ্মাণৰ পথ প্রশস্ত কৰা হৈছে। এই প্রকল্পসমূহে অঞ্চলটোৰ সংযোগ, বাণিজ্য আৰু নদীকেন্দ্ৰিক জীৱিকা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
গুৱাহাটীৰ উজান বজাৰ ঘাটত ৭০ কোটি টকাৰ ক্রুজ টাৰ্মিনেল আৰু ডিব্ৰুগড়ৰ বগীবিল নদী বন্দৰলৈ ১৪৪ কোটি টকাৰ এপ্ৰ’চ কৰিড’ৰ (Approach Road) নিৰ্মাণৰ অনুমোদনো বৈঠকত প্ৰদান কৰা হয়। কেৰালাত পশ্চিম উপকূলীয় খাল (ৰাষ্ট্ৰীয় জলপথ-৩)ত ৫০ কোটি টকাৰ স্লিপৱে আৰু নদী ক্রুজ জেটি প্ৰকল্পসহ ১৫০ কোটি টকাৰো অধিক আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে স্থাপন কৰে।
ইয়াৰ উপৰি অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীত ১৫০ কোটি টকাৰ ৰো-ৰো আৰু মালবাহী টাৰ্মিনেল, জম্মু-কাশ্মীৰৰ জেলাম নদীত ১০খন হাইব্ৰিড ইলেক্ট্ৰিক জাহাজ মোতায়েন, ওড়িশাৰ মহানদীত ২৫টা নতুন জেটি আৰু মহাৰাষ্ট্ৰত নদী ট্ৰেফিক আৰু নেভিগেচন ছিষ্টেমৰ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হয়।
এই বৈঠকত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অন্তৰ্দেশীয় জলপথসমূহ ভাৰতৰ পৰিবহণ আৰু লজিষ্টিকছ ৰূপান্তৰৰ এক কৌশলগত স্তম্ভ হিচাপে বিকশিত হৈছে। জলপথে ৰাস্তাত ভিৰ হ্ৰাস, লজিষ্টিক ব্যয় কমোৱা আৰু পৰিৱেশ অনুকূল পৰিবহণ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে।
ইফালে, পৰিষদে জলবাহক মালবাহী প্ৰচাৰ আঁচনিৰ অধীনত অন্তৰ্দেশীয় জলপথেৰে মাল পৰিবহণত হোৱা মুঠ কাৰ্যকৰী ব্যয়ৰ ৩৫ শতাংশ পর্যন্ত ভাট্টা চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱাৰ সিদ্ধান্তকো পুনৰ জোৰদাৰ কৰে, যাৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/904af200-ca14-4ec0-bfe1-20ea41f5ece6-2026-01-23-21-48-32.jpg)
আনহাতে, এই বৈঠকত বিগত দশকত অন্তৰ্দেশীয় জলপথ খণ্ডৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। ৰাষ্ট্ৰীয় জলপথত মালবাহী পৰিবহণ ২০১৩-১৪ চনত ১৮ মিলিয়ন টনৰ পৰা ২০২৪-২৫ চনত ১৪৫.৮৪ মিলিয়ন টনলৈ বৃদ্ধি পাইছে। একে সময়ছোৱাত কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৩ৰ পৰা ৩২লৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, উচ্চপদস্থ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ নেতৃত্ব, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকল এই বৈঠকত উপস্থিত থাকে। পৰিষদৰ সিদ্ধান্তসমূহে আগন্তুক দিনত ভাৰতৰ নদীভিত্তিক পৰিবহণ, পৰ্যটন আৰু অৰ্থনৈতিক বিকাশক নতুন গতি দিব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us