/asomiyapratidin/media/media_files/2025/12/06/417-2025-12-06-14-29-08.jpg)
ডিজিটেল ডেস্ক : কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক উল্লেখনীয় পদক্ষেপ। কামৰূপ মহানগৰ জিলাৰ ৰাইজৰ সেৱাৰ্থে শনিবাৰে ডিগাৰু হাইস্কুলৰ খেলপথাৰত "ৰাইজৰ সেৱা ৰাইজৰ পদূলিত" শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2-2025-12-06-14-28-40.jpeg)
উল্লেখযোগ্য যে, সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ স্বাৰ্থত বাহনৰ নথি-পত্ৰ তৎকালীন উন্নতকৰণৰ ব্যৱস্থা, থিতাতে চালকৰ শিকাৰুক অনুজ্ঞাপত্ৰ প্ৰদান কৰা আৰু যান-বাহন কৰ পৰিশোধ বিষয়ক ওজৰ আপত্তি নিস্পতিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় এই কাৰ্যসূচীত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-2025-12-06-14-28-54.jpeg)
কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ প্ৰতি স্থানীয় ৰাইজে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। আজিৰ এই কাৰ্যসূচীত পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসকে প্ৰমুখ্য কৰি আন আন বিষয়-ববীয়াসকলো উপস্থিত থাকি ৰাইজৰ সেৱা আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us