/asomiyapratidin/media/media_files/2025/10/24/46-2025-10-24-14-20-46.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ক্ৰমাৎ ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ঢকুৱাখনাই । একাংশ অসচেতন আৰু উদাসীন অভিভাৱকৰ অনুশাসনহীনতাৰ বাবেই দিনক দিনে নিত্যনতুন ভয়ংকৰ আৰু মাৰাত্মক নিচাৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম ।
একাংশ দাম্পাৰ চালক আৰু কৌশলী ফেৰীৱালা বেপাৰীৰ জৰিয়তে ঢকুৱাখনাত হাটে বাটে সহজলভ্য হৈ পৰা নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ পাছত এইবাৰ ঢকুৱাখনাৰ বজাৰলৈ আহিছে ভয়ংকৰ নিচাযুক্ত কানি । ঢকুৱাখনা সদৰৰ দুজনমান বিশেষ যুৱকৰ জৰিয়তে সৰবৰাহ হোৱা এই নিষিদ্ধ কানিৰ এখন মুকলি বজাৰ ইতিমধ্যে আৰম্ভ হৈছে ।
ঢকুৱাখনা সদৰত বাহৰ পাতি বিভিন্ন গ্ৰামাঞ্চললৈ গ্ৰাহকৰ বাবে যোগান ধৰাত এই চক্ৰটোৱে নিয়োগ কৰিছে একাংশ বিপঠগামী বাইকৰে দৌৰাত্ম্য চলাই থকা কিশোৰ যুৱকক । কমিচনৰ প্ৰলোভনত বন্দী কৰি এই অশুভ চক্ৰটোৱে ঢকুৱাখনা, ঘিলামৰাৰ লগতে মাজুলীলৈকো চোৰাং বেহাখন সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হোৱাৰ খবৰ লাভ কৰা হৈছে ।
সংগৃহীত তথ্য মতে ইতিমধ্যে বহু পৰিমাণৰ এনে নিষিদ্ধ আৰু মাৰাত্মক নিচাযুক্ত দ্ৰব্য বিশেষ স্থানত মজুত কৰি এটা চক্ৰই গ্ৰাহক সৃষ্টিৰ কৌশল ৰচনা কৰি গৈছে । সূত্ৰটোৱে জনোৱা মতে এই জীৱনঘাটী কানিৰে নিচাসক্ত হোৱাৰ বাবে প্ৰয়োজনীয় আনুসংগিক দ্ৰব্য মিশ্ৰণ কৰা, প্ৰস্তুত কৰা আৰু স্থানীয়ভাৱে বাঁহৰ সঁজুলি নিৰ্মান কৰি আসক্ত হোৱাৰো শিকনি দিয়াত নামি পৰিছে এই অশুভ চক্ৰতো । সেইমতে সফলো হৈছে বহু পৰিমানে ।
ইপিনে নিষিদ্ধ ড্ৰাগছ ,গাঞ্জা ঢকুৱাখনাত উভৈনদী হোৱাৰ পৰবৰ্তী সময়ত ইতিমধ্যে ভয়ংকৰ কানিৰ এখন বিশাল বজাৰ মেলিবলৈ সক্ষম হোৱা সমাজবিৰোধী অপশক্তিটোৰ আগ্ৰাসন ৰোধত নির্লজ ভাবে ব্যৰ্থ ঢকুৱাখনা আৰক্ষী আৰু আবকাৰী বিভাগ । ক্ষমতাৰ অপপ্ৰয়োগ কৰি দৌৰাত্ম্য চলোৱা ,বক্রপথেৰে অৰ্থ উপাৰ্জন কৰাত সিদ্ধহস্ত ঢকুৱাখনা আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুৰ সন্মুখৰে পৰা পৰিচালিত হৈ অহা এই ভয়ানক বজাৰখন দেখি শুনি জানিও অন্ধমুনিৰ ভূমিকা পালন কৰি অহাৰ আঁৰৰ ৰহস্য সাধাৰণ ৰাইজৰ জ্ঞাত ।
জনজীৱন অতিষ্ঠ কৰি হলেও মধ্যভোগীৰ জৰিয়তে মুনাফা অর্জনত সদাব্যস্ত স্বাৰ্থপৰ আৰক্ষীৰ ইচ্ছাকৃত সোৰোপা নীতিৰ বাবেই ঢকুৱাখনাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰাচন্ন হোৱাৰ দিশত গতি কৰিছে । সম্প্ৰতি মিচিং জনগোষ্ঠীৰ অধ্যুষিত এলেকালৈ সম্প্ৰসাৰিত এই ভয়ংকৰ নিচাৰ বেহাখনৰ প্ৰতি মিচিং জাতীয় সংগঠন সমূহৰ লগতে অভিভাৱক সকল পুনৰ সক্ৰিয় আৰু সচেতন হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে ।
শেহতীয়াভাৱে ঢকুৱাখনাত প্ৰাদুৰ্ভাৱ ঘটা এই নিষিদ্ধ নিচাৰ মুকলি বেহাখন উৎখাট কৰি শৃঙ্খলিত ঢকুৱাখনা গঢ় দিবলৈ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাই সুদক্ষ প্ৰভাৰী ,বিষয়া নিযুক্তিৰ লগতে ঐতিহ্যমণ্ডিত থানাখনৰ মৰ্য্যদা হানিকাৰক সকলৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী বিষয় হিচাবে ধৰা দিছে । স্মৰ্তব্য যে থানাখনৰ প্ৰভাৰীৰ ঘনিষ্ঠ কেইজনমান গাঁওৰক্ষী বাহিনীৰ সদস্যৰ থানাত অবাধ দপদপনি আৰু বিতৰ্কিত ভূমিকাকো সচেতন সমাজে সতৰ্কতাৰে লক্ষ্য কৰি আহিছে ।
প্ৰভাৰীগৰাকীৰ প্রিয়ভাজন এজনৰ বিৰুদ্ধে নীতি বিৰুদ্ধ ভাবে অৰ্থ সংগ্ৰহ আৰু চোৰাং বাহন মজুত ৰখাৰ দৰে গুৰুতৰ অভিযোগো উথাপিত হৈ আহিছে । কিন্তু "নিয়মীয়া সেৱা" আগবঢ়াই অহাৰ বাবেই এইসকলক লেকাম লগোৱাত থানাৰ দায়িত্বশীল সকলে গ্ৰহণ কৰিছে কণা- বোবাৰ ভূমিকা ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us