Advertisment

উদ্যোগ  আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসম পেট্ৰ কেমিকেলৰ নতুন প্ৰকল্প  পৰিদৰ্শন…

উদ্যোগ  আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসম পেট্ৰ কেমিকেলৰ নতুন প্ৰকল্প  পৰিদৰ্শন…

author-image
asomiyapratidin
New Update
উদ্যোগ  আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসম পেট্ৰ কেমিকেলৰ নতুন প্ৰকল্প  পৰিদৰ্শন…

ডিজিটেল সংবাদ,  নামৰূপঃ দেশৰ ভিতৰতে  লাভ জনক উদ্যোগৰ স্থান দখল কৰা  নামৰূপস্থিত অসম পেট্ৰ কেমিকেল লিমিটেডত নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত থকা   ৫০০ টন মিঠানল  উৎপাদনক্ষম  প্ৰকল্প থলী পৰিদৰ্শন কৰে উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।   মন্ত্ৰী গৰাকীয়ে প্ৰকল্প থলী পৰিভ্ৰমণ কৰি  কাৰিকৰী বিষয়া সকলৰ লগত  নিক্ষিপ্তভাবে  প্রকল্পৰ বুজা লয়।  ইয়াৰ পিছতে  মন্ত্ৰী গৰাকীয়ে সাংবাদিকক কয় যে   প্ৰকল্পৰ নিৰ্মান কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । অহা  শনি বাবে প্ৰকল্পত গেছৰ সংযোগ কৰিব।  সমান্তৰাল ভাৱে  বিদ্যুৎ আৰু পানীৰ সুচল ব্যৱস্থা  হোৱাৰ লগে লগে   কেপ টিউব পাৱাৰ প্লাণ্ট সক্ৰিয় হৈ উঠিব  । 

Advertisment

লগতে শীঘ্ৰেই নতুন প্ৰকল্পৰ উৎপাদন কাৰ্য্য আৰম্ভ কৰিব বুলি মন্তব্য কৰে।  গুৰুত্ব পূৰ্ণ যে এই সময়ত প্ৰকট হোৱা সৰু সুৰা খুটিনাতি  সমূহ  সমাধান কৰাৰ পিছতে প্ৰকল্পটো  চলিত মাহতে ৰাইজৰ বাবে উচৰ্গা কৰিব বুলি উচ্চস্তৰীয় সূত্ৰৰ পৰা  জানিব পৰা গৈছে।   আনহাতে চলিত মাহৰ পৰা   গেছৰ মূল্য অত্যাধিক বৃদ্ধি হোৱাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰৰ লগত বিষয় সন্দৰ্ভত আলোচনা চলি আছে বুলি মন্তব্য কৰে ।  লক্ষণীয় যে  এ পি এল ভাৰতৰ ভিতৰতে  প্ৰথমটো  বৃহৎ গেছ ভিত্তিক  ৰাজহুৱা খণ্ডৰ  মিঠানল  উদ্যোগ  হোৱাৰ পথত আগবাঢ়িছে।  

উল্লেখযোগ্য যে ২০১৩ চনৰ আগষ্ট মাহত    আধাৰশিলা  স্থাপন হোৱা এ পি এলৰ ৫০০ টন  মিঠানল উৎপাদন প্ৰকল্পটো প্ৰায় পাঁচ বছৰ কোনো কাম নোহোৱাকৈ পৰি থাকিল । অৱশেষত  ২০১৭ চনৰ ৪ অক্টোবৰত  বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্মান কাৰ্য  আৰম্ভ কৰি প্ৰায় চাৰি বছৰত নিৰ্মান  কাৰ্য্য  সম্পূৰ্ণ কৰি  সম্প্ৰতি  উৎপাদন ক্ষম  অৱস্থাত উপনীত হৈছে উদ্যোগটো । তেনে প্ৰেক্ষাপটত আজি   ৰাজ্যিক মন্ত্ৰী গৰাকী  প্ৰকল্প থলীত উপস্থিত হৈ সন্তোষ প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচী ত অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা পৰিচালন সঞ্চালক ৰাজনিশ  গগৈ, উপাধক্ষ হেমন্ত গগৈ উপস্থিত থাকে।