‘বাটৰ চাহ’ দোকানত কোন এই সংগীত স্নাতকোত্তৰ যুৱতী…

‘বাটৰ চাহ’ দোকানত কোন এই সংগীত স্নাতকোত্তৰ যুৱতী…

ডিজিটেল সংবাদ নগাঁও : শিক্ষাৰ ক্ষেত্ৰত দুবাৰকৈ স্নাতকোত্তৰ ৷ কলকতাত লাইট মিউজিক বিষয়ত চাৰিবছৰীয়া শিক্ষা ৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈ যুৱতী গৰাকীয়ে কি কৰিছে শুনিলে আচৰিত হ'ব ৷ অবসাদ দূৰ কৰিবলৈ আপুনি একাপ সুন্দৰ চাহ খাব বিছাৰে তেনে হ'লে আপোনাৰ হাতত যুবতী গৰাকীয়ে একাপ চাহ তুলি দিব ৷ ভোক লাগিছে যদি আপোনাৰ মন পচন্দৰ খাদ্য প্ৰস্তুত কৰি দিব আপোনাৰ সন্মুখত ৷ দুটি বিষয়ত স্নাতকোত্তৰ যুৱতী গৰাকী এতিয়া " বাটৰ চাহ " ৰ গৰাকী , কাৰিকৰ , শিপিনী – সকলো ৷

নগাঁও চহৰৰ মাজমজিয়াত এগৰাকী অতি উচ্চ শিক্ষাৰে শিক্ষিত যুবতী গৰাকীয়ে আৰম্ভ কৰা স্বনিভৰ্শীল যাত্ৰা সমাজৰ বাবে নিৰ্দশন হৈ পৰিছে ৷ নগাঁৱত সু-গায়িকা হিচাপেও সুনাম কঢ়িয়াইছে এই যুবতীয়ে ৷ পুৱাই বাটৰ চাহত উপস্হিত হয় যুবতী ৷ পিতৃ-মাতৃৰ চকুৰ মনি এই যুবতী গৰাকী হাতত মোনা লৈ বজাৰলৈ যায় ৷ বজাৰ কৰি মোক আপোনাক আপ্যায়ন কৰিবলৈ বাটৰ চাহক সাজু কৰে ৷ অতি সাহসেৰে নিশা লৈকে খোলা ৰাখে বাটৰ চাহক ৷

নগাঁও চহৰৰ চামগুৰি বাছ আস্হানৰ ইক' গেছৰ ওচৰতে আছে বাটৰ চাহ ৷ বাটৰ চাহ এখনি সৰু ৰেষ্টুৰেন্ট ৷ থলুৱা ভাজত কম ব্যয়ত সজ্জিত কৰা হৈছে বাটৰ চাহক ৷ সুন্দৰকৈ একাপ চাহ খাবলৈ যুবতীৰ বাটৰ চাহত এতিয়া ভীৰ বাঢ়িছে ৷ লগতে ক্ষুধা নিবাৰনৰ বাবে পৰঠা , ৰুটিকে ধৰি অনান্য খাদ্য প্ৰস্তুত কৰে যুবতী গৰাকীয়ে ৷

অসমীয়া ভাষা আৰু সাহিত্য বিষয়ত পৃথকে পৃথকে স্নাতকোত্তৰ ডিগ্ৰী লৈ বাটৰ চাহ আৰম্ভ কৰা যুবতী গৰাকীৰ নাম ইন্দুশ্ৰী কলিতা ৷ ঘৰ পুৰনিগুদাম নাম পানী গাবঁত ৷ ১৪ কিলোমিটাৰ দূৰৰ পৰা চহৰত দোকান ভাড়া লৈ ইন্দুশ্ৰীয়ে আৰম্ভ কৰিছে বাটৰ চাহ ৷ ইন্দুশ্ৰীৰ পিতৃ এজন শিক্ষক ৷ ইতিমধ্য চাকৰিৰ পৰা অবসৰ গ্ৰহণ কৰিছে ৷ ইন্দুশ্ৰী পিতৃ প্ৰফুল্ল কলিতাৰো আছে এক সুকীয়া পৰিচয়, সাহিত্যিক , কবি হিচাপে ৷

ইন্দুশ্ৰীৰ মাতৃ পংকজা কলিতা ৷ ভাতৃও উচ্চ শিক্ষিত ৷ কলকতা ৰবীন্দ্ৰ ভাৰতীৰ পৰা ডিগ্ৰী লৈ বৰ্তমান চাউণ্ড ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰি আছে ৷ ইন্দুশ্ৰীৰো আৰু শিক্ষা গ্ৰহনৰ হাবিয়াস ৷ তাৰ মাজতে যুবতী গৰাকীয়ে আৰম্ভ কৰা বাটৰ চাহে ক্ৰমে জনপ্ৰিয়তা লাভ কৰিছে ৷ বাটৰ চাহত ইন্দুশ্ৰীৰ কথা পাতিবলৈ এতিয়া সময় নাথাকে ৷ গ্ৰাহকৰ ভীৰ ৷ ৰন্ধন প্ৰকৰন কৰি অপ্যায়ন কৰিব লাগে ৷ হাঁহিমূখৰ ইন্দুশ্ৰীয়ে অবসাদহীন ভাবে এতিয়া চলাই গৈছে বাটৰ চাহক ৷

এগৰাকী যুবতীয়ে গাঁৱৰ পৰা আহি চহৰত চাহৰ দোকান দি স্বনিৰ্ভশীল হবলৈ ব্যৱসায় আৰম্ভ কৰা এই কাৰ্য আদৰনীয় ৷ ইফালে ইন্দুশ্ৰীৰ এই প্ৰচেষ্টাক আদৰনী জনাইছে চামগুৰি বাছ আস্হানৰ পূৰ্বৰ ব্যৱসায়ী সকলে ৷ উচ্চ শিক্ষিতা ইন্দুশ্ৰী কলিতাক স্হানীয় ব্যৱসায়ীয়ে প্ৰতি পলে খবৰ লৈ থাকে বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in