ভাৰতীয় নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যবেক্ষণ ইণ্ডোনেছিয়াৰ প্ৰতিনিধি দলৰ

প্ৰতিনিধি সকল ক্ৰমে ইধাম হ'লিক, চেল্লি হার্লিনি, মাৰিঅ ভেলেনটিনাছ প'লুকান আৰু জোহান তেগুহ লেছ্মানাই ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আৰু নিৰ্বাচনৰ ক্ষেত্ৰ স্তৰীয় প্ৰস্তুতি সম্বন্ধে বুজ লয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কামৰূপঃ  ইণ্ডোনেছিয়াৰ সাধাৰণ নিৰ্বাচন আয়োগৰ এটা চাৰিজনীয়া প্ৰতিনিধি দলে শনিবাৰে কামৰূপ জিলা পৰিদৰ্শন কৰে। প্ৰতিনিধি সকল ক্ৰমে ইধাম হ'লিক, চেল্লি হার্লিনি, মাৰিঅ ভেলেনটিনাছ প'লুকান আৰু জোহান তেগুহ লেছ্মানাই ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আৰু নিৰ্বাচনৰ ক্ষেত্ৰ স্তৰীয় প্ৰস্তুতি সম্বন্ধে বুজ লয়।

পৰিদৰ্শন কালৰ মূল উদ্দেশ্য আছিল নিৰ্বাচন ব্যৱস্থাপনাৰ ক্ষেত্ৰত দুই দেশৰ মাজত সৰ্বোত্তম মত বিনিময় আৰু গণতান্ত্ৰিক সহযোগিতা বৃদ্ধি কৰা। প্ৰতিনিধি দলেটোৱে প্ৰথমে অমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি ভোটগ্ৰহণ কেন্দ্ৰৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে অবগত হয়।

পৰৱৰ্তী সময়ত আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত অনুষ্ঠানত অসমৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া দামোদৰ বৰ্মনে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়া, ভোটাৰ তালিকা প্রস্তুতি আৰু ভাৰতীয় নিৰ্বাচন আয়োগে গ্ৰহণ কৰা প্ৰযুক্তি-ভিত্তিক উদ্ভাৱনসমূহৰ বিষয়ে বিস্তাৰিত ভাবে দাঙি ধৰে।

এই বৈঠকত কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত সকল ক্ৰমে গৰ্গ মোহন দাস, মুনমী কলিতা, প্ৰাঞ্জিত কুমাৰ দেৱ,ৰঙিয়া সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী, বকো-ছয়গাঁৱৰ সম-জিলা আয়ুক্ত প্ৰিয়াংশু ভাৰদ্বাজ, পলাশবাৰীৰ সম-জিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ,কামৰূপৰ নিৰ্বাচনী বিষয়া ড০ ভূপালি কাশ্যপ, কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰুৱাকে ধৰি নিৰ্বাচন আয়োগৰ আৰু প্ৰশাসনৰ  বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।

নিৰ্বাচন আয়োগ অসম নিৰ্বাচন নিৰ্বাচন কামৰূপ