গ্ৰাহকক টিকটৰ ধনৰ লগতে ভ্ৰমণ, হোটেলৰ খৰছো উভতাই দিব ইণ্ডিগ'ই...

ইণ্ডিগ'ৰ সংকটক লৈ শেহতীয়াকৈ মুখ খুলিছে বিমান প্ৰতিষ্ঠানটোৰ অন্যতম এগৰাকী সঞ্চালক বিক্ৰম সিং মেহতাই। এই সমগ্ৰ প্ৰক্ৰিয়াটো ক্ৰমান্বয়ে উন্নত কৰাৰ দিশে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ লগতে ইণ্ডিগ'ক লৈ চলি থকা

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ইণ্ডিগ'ৰ সংকটক লৈ শেহতীয়াকৈ মুখ খুলিছে বিমান প্ৰতিষ্ঠানটোৰ অন্যতম এগৰাকী সঞ্চালক বিক্ৰম সিং মেহতাই। এই সমগ্ৰ প্ৰক্ৰিয়াটো ক্ৰমান্বয়ে উন্নত কৰাৰ দিশে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ লগতে ইণ্ডিগ'ক লৈ চলি থকা কিছু উৰা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মেহতাই কয় যে, ইণ্ডিগৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপিত হৈছে তাৰে অধিকাংশই মিছা আৰু মনেসজা। ইতিমধ্যে সকলো দিশ চোৱা চিতা কৰি ভালদৰে অধ্যয়ন কৰা হৈছে। ১০শতাংশ বিমান কৰ্তন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ আহ্বানতে কৰা হৈছে বুলি উল্লেখ কৰে তেওঁ।

তেওঁ লগতে কয় যে, ইণ্ডিগৰ বিৰুদ্ধে যি তিনিটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, সেই সকলোকেইটাই মিছা। বিমান পৰিচালনা আৰু অন্যান্য কামৰ বাবে ইণ্ডিগ'ত অবিযন্ত্ৰাৰ অভাৱ বুলি যি প্ৰচাৰ হৈছে, সেই প্ৰচাৰ মিছা বুলি কয় মেহতাই।

লগতে চৰকাৰক শলঠেকত পেলাবলৈ ইণ্ডিগ'ই এই সংকটৰ সৃষ্টি কৰা বুলি যি খবৰ ওলাইছে, সেই খবৰকো নস্যাত কৰে সঞ্চালকগৰাকীয়ে। তেওঁ কয় যে, চৰকাৰক সংকটত পেলেৱাতো আমাৰ লক্ষ্য নহয়। আমি চৰকাৰী নীতিখিনি সুচাৰুৰূপে পালন কৰি গ্ৰাহকক সেৱা আগবঢ়াব বিচাৰিছিলো। ২০২৪ৰ জুলাই মাহৰ পৰাই চৰকাৰী নীতি পালনৰ বাবে ইণ্ডিগ'ই চেষ্টা কৰি অহা বুলি সদৰি কৰে তেওঁ।

সঞ্চালকগৰাকীয়ে লগতে কয় যে, সুৰক্ষাগত দিশৰ ওপৰত আমি চকু দিয়া নাই বুলিও এক অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ সম্পূৰ্ণৰূপে মিছা। আমি যাত্ৰীৰ সুৰক্ষাক লৈ কোনো দিনে কোনো কৃপনালি কৰা নাই। লগতে শেহতীয়াকৈ উদ্ভৱ হোৱা সমস্যাৰ সমাধানৰ বাবে আমি পাৰ্যমানে চেষ্টা কৰিছো। পৰিস্থিতি বহুখিনি উন্নত হৈছে। আমি গ্ৰাহকক টিকটৰ ধনৰ লগতে অন্যান্য ভ্ৰমণ আৰু হোটেলৰ খৰছো উভতাই দিয়াৰ চেষ্টা কৰি আছো। 

ইণ্ডিগ' বিমান ইণ্ডিগ’ বিমান