/asomiyapratidin/media/media_files/2025/12/08/whatsapp-2025-12-08-15-22-47.jpeg)
ডিজিটেল ডেস্কঃ ইখনৰ পাছত সিখন ইণ্ডিগ' বিমান বাতিল কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক ঘটনা। এক মৰ্মান্তিক ঘটনা সংঘটি। বেংগালুৰলৈ উভতি যোৱাৰ বাবে লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অপেক্ষা কৰি আছিল এজন লোকে। সেই সময়তে হাৰ্ট এটেকৰ ফলত তেওঁ মৃত্যুক সাৱতিব লগা হয়। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/post_attachments/350a4ee9-165.jpg)
উল্লেখ্য যে, ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে বিগত পাঁচ দিন ধৰি লক্ষ্ণৌ বিমানবন্দৰৰ বিমান সেৱা যথেষ্ট ক্ষতি হৈছে।সমগ্ৰ দেশত হাজাৰ হাজাৰ বিমান বাতিল কৰাৰ লগতে লক্ষ্ণৌত দেওবাৰে ৩৩খন বিমান বাতিল কৰে আৰু ৭৪০ গৰাকী যাত্ৰীয়েও টিকট বাতিল কৰিছে। ঘন্টাৰ পাছত ঘন্টা ধৰি বহু যাত্ৰীয়ে বিমান বন্দৰত অপেক্ষা কৰি আছে। তাৰ মাজতে এনে ঘটনা সংঘটিত হোৱাত ইণ্ডিগ'ৰ বিমান ব্যৱস্থাৰ ওপৰত বহু প্ৰশ্ন আহি পৰিছে।
/asomiyapratidin/media/post_attachments/684084b9-248.jpg)
প্ৰণিধানযোগ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পাছত মৃত লোকৰজনৰ পৰিয়াল বৰ্গই অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে যে- যদি বিমানবন্দৰত চিকিৎসক থাকিলহেতেন তেন্তে জীৱন ৰক্ষা কৰিব পৰা গ’ল হৈ লোকজনৰ। লোকজনে পত্নী আৰু পুত্ৰ-কন্যাৰ সৈতে বেংগালুৰুত বাস কৰিছিল। মাত্ৰ ৫ দিন পূৰ্বে আত্মীয়ৰ অন্ত্যোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ কানপুৰলৈ গৈছিল লকজনৰ পৰিয়াল। তেওঁলোকে উভতি অহাৰ দিনটোতে এই বিমানসমূহ বাতিল কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/7b6ea58f-6f0.jpg)
তাৰোপৰি,সেই সময়তে লোকজনৰ হাৰ্ট এটেক অহাত মৃত্যুক সাৱতিব লগা হৈছিল।এই ঘটনাৰ পাছতে তেওঁলোকে বিমানবন্দৰৰ চিচিটিভি ফুটেজৰ দাবী কৰিছিলে পৰিয়ালৰ লোকে কিন্তু এতিয়ালৈকে লাভ কৰা নাই। ইপিনে লোকজনৰ মৃত্যুত এতিয়া পৰিয়ালত শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us