কুৱেইট-হায়দৰাবাদৰ ইণ্ডিগ’ বিমানত বোমাতংক

হায়দৰাবাদ বিমানবন্দৰত ই-মেইল যোগে বোমাতংকৰ ভাবুকি লাভ কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ মুম্বাই বিমান বন্দৰত ইণ্ডিগ' বিমানৰ জৰুৰীকালীন অৱতৰণ। কুৱেটৰ পৰা হায়দৰাবাদলৈ যোৱা এখন ইণ্ডিগ’ বিমান ছাত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে।  

বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰা হয়

উল্লেখ্য যে হায়দৰাবাদ বিমানবন্দৰত ই-মেইল যোগে বোমাতংকৰ ভাবুকি লাভ কৰে। যাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখন মুম্বাইত জৰুৰীকালীন অৱতৰণ কৰিব লগা হয়।

বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰা হয়

বিমানখন নিৰাপদে অৱতৰণ কৰি সকলো নিৰাপত্তা পৰীক্ষাৰ বাবে আইছ’লেশ্যন বে’লৈ স্থানান্তৰ কৰাৰ লগতে সকলো সতৰ্কতামূলক ব্যৱস্থা ৰূপায়ণ কৰা হয়। আনফালে বিমানখনত থকা যাত্ৰীসকল বৰ্তমান সুৰক্ষিত বুলি জানিব পৰা যায় ।

ইণ্ডিগ' বিমান