Indigo crisis: গ্ৰাহকক ধন ঘূৰাই দি দি ভাগৰি পৰিছে ইণ্ডিগ'...

দেশৰ বিমান পৰিবহনত অচলাৱস্থাৰ সৃষ্টি কৰা ইণ্ডিগ'ই গ্ৰাহকক ঘূৰাই দিছে ৬১০কোটি টকা। বিগত ৬টা দিনত যিসকল গ্ৰাহকৰ যাত্ৰা বাতিল কৰা কৰা হৈছে সেই সকলো গ্ৰাহকক পৰ্যায়ক্ৰমে ধন

author-image
Asomiya Pratidin
New Update
new ap web 7 (6)

ডিজিটেল ডেস্কঃ  দেশৰ বিমান পৰিবহনত অচলাৱস্থাৰ সৃষ্টি কৰা ইণ্ডিগ'ই গ্ৰাহকক ঘূৰাই দিছে ৬১০কোটি টকা। বিগত ৬টা দিনত যিসকল গ্ৰাহকৰ যাত্ৰা বাতিল কৰা কৰা হৈছে সেই সকলো গ্ৰাহকক পৰ্যায়ক্ৰমে ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইণ্ডিগ'ই।

ইফালে ইণ্ডিগ'ই স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে কাম কৰি থকা বুলি সদৰি কৰিছে চিইঅ' পিটাৰ এলবাৰ্ছে। তেওঁ কয় যে, আমি লাহে লাহে ট্ৰেকত ঘূৰিছো। দেওবাৰৰ দিনটোত আমি ১৬৫০টা যাত্ৰা সফলভাৱে ৰূপায়ন কৰিছো।'

উল্লেখনীয় কথাটো হ'ল যে, দেওবাৰৰ দিনটোতো ইণ্ডিগ'ই প্ৰায় ৬৫০টা বিমান যাত্ৰা বাতিল কৰে। বিগত ৪৮ ঘন্টাৰ ভিতৰত সকলো যাত্ৰা স্বাভাৱিক কৰিবলৈ চেষ্টা কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইণ্ডিগ'ৰ কৰ্তৃপক্ষই।

প্ৰনিধানযোগ্য যে, ইণ্ডিগ'ই একেদিনাই প্ৰায় ২৭০০ বিমান যাত্ৰা পৰিচালিত কৰে। এই সংখ্যা হৈছে ভাৰতৰ বিমান পৰিবহনৰ ক্ষেত্ৰত সৰ্বাধিক। এয়াৰ ইণ্ডিয়াই এদিনত ইয়াৰ প্ৰায় আধা সংখ্যক বিমান যাত্ৰাহে পৰিচালিত কৰে। 

ইণ্ডিগ' বিমান ইণ্ডিগ’ বিমান