/asomiyapratidin/media/media_files/2025/09/09/whatsapp-imag-2025-09-09-12-23-19.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতৰ নিবনুৱাৰ হাৰ ২%, যিটো জি-২০ ৰাষ্ট্ৰৰ ভিতৰত সৰ্বনিম্ন। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ ‘দ্য ফিউচাৰ অৱ জবছ ৰিপ’ৰ্ট ২০২৫’ৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰী ড০ মানসুখ মাণ্ডবিয়াই সদৰি কৰিছে এই তথ্য। তেওঁ ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বৃদ্ধিৰ সৈতে সংগতি ৰাখি বিভিন্ন খণ্ডত নিয়োগ সৃষ্টি কেনেদৰে হৈছে সেই বিষয়ে আলোকপাত কৰে। একে দিশত অৰিহণা যোগোৱা চৰকাৰী আঁচনিসমূহৰ ওপৰতো আলোকপাত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ভাষণ প্ৰসংগত ড০ মাণ্ডভিয়াই কয়, “প্ৰায় ৫২ লাখ পঞ্জীয়নভুক্ত নিয়োগকৰ্তা, ৫.৭৯ কোটি চাকৰি প্ৰত্যাশী আৰু ৭.২২ কোটিতকৈ অধিক খালী পদ সংগঠিত কৰা ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা (এনচিএছ) প্লেটফৰ্মে এতিয়া কেৱল চাকৰিৰ তালিকা প্ৰস্তুত কৰাই নহয়, নিয়োগ সম্পৰ্কীয় সকলো সেৱাৰ বাবে এক ষ্টপ সমাধান হিচাপে বিকশিত হৈছে। বৰ্তমান, ৪৪ লাখতকৈ অধিক সক্ৰিয় খালী পদ আছে। বিগত এটা বছৰত মন্ত্ৰালয়ে আমাজন আৰু ছুইগিকে ধৰি দহটা গুৰুত্বপূৰ্ণ সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।
তেওঁ লগতে উল্লেখ কৰে যে, তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪.১ কোটি যুৱকৰ বাবে নিয়োগ, দক্ষতা, আৰু সুযোগৰ সমৰ্থনত মুঠ ২ লাখ কোটি টকাৰ বাজেটৰ সৈতে পাঁচখন ফ্লেগশ্বিপ আঁচনিৰ পেকেজ ঘোষণা কৰিছিল। এই পেকেজৰ এটা মূল দিশ হৈছে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (পিএম-ভিবিআৰৱাই), য’ত ৯৯,৪৪৬ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ লক্ষ্য হৈছে দুবছৰত ৩.৫ কোটিতকৈ অধিক চাকৰি সৃষ্টি কৰা, ইয়াৰে ১.৯২ কোটিয়ে প্ৰথমবাৰৰ বাবে কৰ্মশক্তিত প্ৰৱেশ কৰাসকলক উপকৃত কৰিব।
মন্ত্ৰীগৰাকীয়ে সেৱা, উৎপাদন, আৰু কৃষিৰ বৃদ্ধিৰ জৰিয়তে নিয়োগ সৃষ্টিৰ গুৰুত্বৰ ওপৰত আৰু আলোকপাত কৰি কয় যে চৰকাৰে আত্মনিয়োগ আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে মুদ্ৰা আৰু পি এম স্বনিধিৰ দৰে পৰিৱৰ্তনশীল আঁচনি আৰম্ভ কৰিছে বুলিও সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।