২০২৫ ৰ জুলাইত ভাৰতত নিবনুৱা হাৰ ৫.২ শতাংশ লৈ হ্ৰাস: পি এল এফ এছ প্ৰতিবেদন

জুলাই মাহৰ নিয়মীয়া শ্ৰমশক্তি সমীক্ষা (PLFS) অনুসৰি, ভাৰতত নিবনুৱা হাৰ জুনৰ ৫.৬ শতাংশৰ পৰা ০.৪ শতাংশ পইণ্ট হ্ৰাস পাই জুলাইত ৫.২ শতাংশত উপনীত হৈছে।

author-image
Tushar Pratim
New Update
২০২৫ ৰ জুলাইত ভাৰতত নিবনুৱা হাৰ ৫.২ শতাংশ লৈ হ্ৰাস: পি এল এফ এছ প্ৰতিবেদন

ডিজিটেল ডেস্কঃ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ৰ দ্বাৰা আৰু শ্ৰম ব্যুৰোৱে প্ৰস্তুত কৰা জুলাই মাহৰ নিয়মীয়া শ্ৰমশক্তি সমীক্ষা (PLFS) অনুসৰি, ভাৰতত নিবনুৱা হাৰ জুনৰ ৫.৬ শতাংশৰ পৰা ০.৪ শতাংশ পইণ্ট হ্ৰাস পাই জুলাইত ৫.২ শতাংশত উপনীত হৈছে।

Advertisment

মহিলাৰ শ্ৰমশক্তি অংশগ্ৰহণ হাৰ (LFPR) জুনৰ ২৪.৫ শতাংশৰ পৰা জুলাইত ২৫.৫ শতাংশলৈ সামান্য বৃদ্ধি পাইছে। পুৰুষৰ LFPR ৫৭.৪ শতাংশ আৰু সকলোৰে বাবে ৪১.৪ শতাংশ। সমীক্ষা অনুসৰি, ১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ বাবে দেশত LFPR ৫৪.৯ শতাংশ, গ্ৰাম্য অঞ্চলত ৫৬.৯ শতাংশ, আৰু নগৰীয়া অঞ্চলত ৫০.৭ শতাংশ। গ্ৰাম্য অঞ্চলত পুৰুষৰ LFPR ৭৮.১ শতাংশ আৰু মহিলাৰ ৩৬.৯ শতাংশ। নগৰীয়া অঞ্চলত মহিলাৰ LFPR ২৫.৮ শতাংশ আৰু পুৰুষৰ ৭৫.১ শতাংশ।

১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ নিবনুৱা হাৰ দেশত ৫.২ শতাংশ, গ্ৰাম্য অঞ্চলত ৪.৪ শতাংশ, আৰু নগৰীয়া অঞ্চলত ৭.২ শতাংশ। গ্ৰাম্য মহিলাৰ নিবনুৱা হাৰ ৩.৯ শতাংশ আৰু পুৰুষৰ ৪.৬ শতাংশ। নগৰীয়া মহিলাৰ নিবনুৱা হাৰ ৮.৭ শতাংশ আৰু পুৰুষৰ ৬.৬ শতাংশ।

WPR অৰ্থাৎ মুঠ জনসংখ্যাৰ ভিতৰত নিযুক্তিপ্ৰাপপ্ত লোকৰ অনুপাত, গ্ৰাম্য অঞ্চলত ১৫ বছৰৰ ওপৰৰ লোকৰ বাবে ৫৪.৪ শতাংশ, জুনত আছিল ৫৩.৩শতাংশ। নগৰীয়া অঞ্চলত WPR ৪৭ শতাংশ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৫২ শতাংশ। এয়া জুনৰ তুলনাত ০.৮ শতাংশ পইণ্ট অধিক।

শ্ৰম ব্যুৰোৱে গ্ৰামাঞ্চলত ৪৯,৩৫৫ আৰু নগৰ অঞ্চলত ৪০,১৫০ টা পৰিয়ালক সামৰি আৰু গ্ৰামাঞ্চলৰ ২,১৬,৮৩২, নগৰাঞ্চলৰ ১,৬২,৩৯০ মিলাই মুঠ ৩,৭৯,২২২ জন ব্যক্তিৰ মাজত এই সমীক্ষা চলাইছিল। 

নিযুক্তি নিবনুৱা নিবনুৱা সমস্যা