ডিজিটেল ডেস্ক : দেশৰ ক্ৰীড়া উদ্যোগে ২০৩০ চনত বিশেষ সফলতা লাভ কৰিব। দেশৰ বৰ্তমান ক্ৰীড়া উদ্যোগৰ মূল্য ৫২ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০৩০ত এই উদ্যোগৰ পৰিসৰ বৃদ্ধি পাব ১৩০ বিলিয়ন মাৰ্কিন ডলাৰ লৈ।
ডেলিয়ট গুগুলৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ক্ৰীড়াখণ্ডটোৰ বাৰ্ষিক বৃদ্ধিৰ হাৰে ক্ৰীড়া অনুৰাগী আৰু ক্ৰীড়া আন্তঃগাঁঠনিত যথেষ্ট প্ৰভাৱ পেলাব। এই সম্ভাৱনাই ভাৰতত ক্ৰীড়াক্ষেত্ৰখনৰ নতুন দুৱাৰ মুকলি কৰিব। গুগুল ইণ্ডিয়াৰ মুৰব্বী ৰমা দত্তই কয় যে ডিজিটেল প্লেটফৰ্ম, ক্ৰীড়া অনুৰাগীৰ উত্থানে দেশৰ ক্ৰীড়াক্ষেত্ৰক সম্বৃদ্ধ কৰি তুলিব।
বৰ্তমান ভাৰতত ডিজিটেল প্লেটফৰ্মৰ উত্থানে দৰ্শক আৰু অনুৰাগী বৃদ্ধি কৰিছে। জেন জেদৰ ৯৩ শতাংশ অনুৰাগীয়ে ডিজিটেল কণ্টেনত বিশ্বাস ৰাখিছে। তেওঁলোকে হাইলাইট আৰু চুটি ফৰ্মৰ ভিডিঅ’ তথা লং লাইফ কণ্টেনত ২০ শতাংশৰ অধিক সময়ত অতিবাহিত কৰে।
পৰম্পৰাগত টেলিভিশ্বনৰ বাহিৰেও ডিজিটেলৰ বিভিন্ন ফৰ্মত বৃদ্ধি হোৱা দৰ্শক হৈছে এই ক্ৰীড়া উদ্যোগৰ বিস্তাৰণৰ প্ৰধান কাৰণ। ইয়াৰ ফলত ২০৩০ চনৰ ভিতৰত নিয়োগৰ বৃদ্ধি পোৱাৰ লগতে খেলুৱৈসকলৰ পৰোক্ষ ৰাজহ আহৰণ ২১ বিলিয়ন মাৰ্কিন ডলাৰ লৈ বৃদ্ধি পাব।
আই পি এলে বছৰি ১.২ বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জন কৰিছে। খেলো ইণ্ডিয়া, অলিম্পিক প্ৰস্তুতিৰ আঁচনিৰ দৰে চৰকাৰী পদক্ষেপে তৃণমূল ক্ৰীড়াক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে। ইয়াৰ বাবে ক্ৰীড়াক্ষেত্ৰখনৰ উন্নয়ন আৰু আন্তঃ গাঁঠনি সবল হৈছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে খেলুৱৈৰ প্ৰশিক্ষণ আৰু অনুৰাগীৰ পাৰস্পৰিক সম্পৰ্কত পৰিৱৰ্তন আনিছে। গ্ৰাম্য অঞ্চলত এতিয়া ক্ৰীড়া অনুৰাগীৰ সংখ্যা ৫৯ শতাংশ বৃদ্ধি পাইছে।
স্থানীয় ভাষাৰ প্ৰয়োগ, ব্যৱহাৰ, ডিজিটেল প্লেটফৰ্মৰ সহায়ে নতুন নতুন খেলক মানুহৰ মাজলৈ লৈ গৈছে। এয়া এক অৰ্তনৈতিক বিকাশ আৰু সামাজিক পৰিৱৰ্তনৰ কাৰক।
এনেবোৰ কাৰণতেই খো খো, কাবাডীৰ দৰে খেলৰো প্ৰচাৰ সম্প্ৰাসাৰণ বাঢ়িছে। এই সহযোগিতাই ভাৰতৰ সৰ্বাংগীন ঐক্যক ক্ৰীড়া বিপ্লৱৰ জৰিয়তে বিশ্বমুখী হোৱাৰ সুযোগ আনি দিছে।