২০২৫ৰ প্ৰথমাৰ্ধত বাণিজ্যিক কাৰ্যালয় ভাড়াত ৪০% বৃদ্ধি

ভাৰতৰ ৰিয়েলষ্টেট খণ্ডৰ বাণিজ্যিক কাৰ্যালয় ভাড়া ২০২৫ৰ প্ৰথমাৰ্ধত ৪০ শতাংশ বৃদ্ধি হৈছে। ৰিয়েলষ্টেট সেৱা সংস্থা অনাৰক (Anarock)ৰ প্ৰতিবেদন অনুসৰি, গ্লোবেল কেপেবিলিটি চেন্টাৰ (GCC)ৰ পৰা বৃদ্ধি পোৱা চাহিদাই এই বৃদ্ধি ত্বৰান্বিত কৰিছে।

author-image
Asomiya Pratidin
New Update
cccccfdf

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰিয়েলষ্টেট খণ্ডত বাণিজ্যিক কাৰ্যালয় ভাড়া ২০২৫ৰ প্ৰথমাৰ্ধত ৪০ শতাংশ বৃদ্ধি হৈছে। ৰিয়েলষ্টেট সেৱা সংস্থা অনাৰক (Anarock)ৰ প্ৰতিবেদন অনুসৰি, গ্লোবেল কেপেবিলিটি চেন্টাৰ (GCC)ৰ পৰা বৃদ্ধি পোৱা চাহিদাই এই বৃদ্ধি ত্বৰান্বিত কৰিছে।

Advertisment

এই প্ৰতিবেদন অনুসৰি, দেশৰ শীৰ্ষ ৭খন মহানগৰত ২০২৫ৰ প্ৰথম ৬ মাহত মুঠ ২৬.৮ মিলিয়ন বৰ্গফুট স্থান ভাড়াত দিয়া হৈছে। ২০২৪ৰ একে সময়ছোৱাত এই সংখ্যা আছিল ১৯.০৮ মিলিয়ন বৰ্গফুট। ইয়াৰে বেংগালুৰুৰে সৰ্বাধিক চাহিদা সৃষ্টি কৰিছে, য'ত মুঠ ৫.৪৫ মিলিয়ন বৰ্গফুট ভাড়াত দিয়া হৈছে। তাৰ পিছতে আছে এনচিআৰ (২.৮১ মিলিয়ন বৰ্গফুট), পুনে (২.৭৭ মিলিয়ন বৰ্গফুট), হায়দৰাবাদ (১.৯৩ মিলিয়ন বৰ্গফুট) আৰু চেন্নাই (০.৯৫ মিলিয়ন বৰ্গফুট)।

অনাৰকৰ মেনেজিং ডাইৰেক্টৰ পেউষ জেইনে সদৰি কৰে যে, “নতুন কাৰ্যালয় যোগানত ২৫ শতাংশ বৃদ্ধি হৈ ২৪.৫১ মিলিয়ন বৰ্গফুটত উপনীত হৈছে, যি বজাৰত সমতা সৃষ্টি কৰিছে। খালীস্থানৰ হাৰ সামান্য উন্নত হৈ ১৬.৩ শতাংশলৈ নামি আহিছে আৰু গড় ভাড়া ৪ শতাংশ বৃদ্ধি পাই প্ৰতিমাহত প্ৰতি বৰ্গফুটত ৮৮ টকাত উপনীত হৈছে।”

প্ৰতিবেদনত লগতে উল্লেখ আছে যে, আইটি-আইটিইছ খণ্ডত ২৯ শতাংশ বজাৰ ভাগ লৈ সৰ্বাধিক অগ্ৰগতি কৰিছে। তাৰ পিছত আছে ক’ৱৰ্কিং স্পেছ ২২ শতাংশৰ সৈতে। বেংগালুৰুৱে ৬.৫৫ মিলিয়ন বৰ্গফুটৰ শোষণৰ সৈতে বজাৰত নেতৃত্ব ৰাখিছে, পুনে ১৮৮ শতাংশ বৃদ্ধিৰ সৈতে সৰ্বাধিক দ্ৰুতগামী বজাৰ হিচাপে উঠে আহিছে। ২০২৫ৰ বাকি সময়ছোৱাতো গ্লোবেল কেপেবিলিটি চেন্টাৰৰ বিস্তাৰ আৰু কৰ্পৰেট খণ্ডৰ দৃঢ় আস্থা বৰ্তি থাকিব বুলি প্ৰতিবেদনত উল্লেখ আছে।

বেংগালুৰু