ভাৰতৰ বায়ো ইকন'মি খণ্ডৰ দ্ৰুত বৃদ্ধি, বিশ্ব ভেক্সিন বজাৰত শীৰ্ষস্থানত ভাৰতীয় কোম্পানী

যোৱা দশকত ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুত বিকাশিত বায়ো ইকন'মি খণ্ডৰ ভিতৰত অন্যতম হৈ উঠিছে। ২০১৪ চনত ১০ বিলিয়ন ডলাৰৰ পৰা ২০২৪ চনত এই খণ্ডটো ১৬৫.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ বায়োঅ’নোমি খণ্ডৰ দ্ৰুত বৃদ্ধি, বিশ্ব ভেক্সিন বজাৰত শীৰ্ষস্থানত ভাৰতীয় কোম্পানী

ডিজিটেল ডেস্কঃ যোৱা দশকত ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুত বিকাশিত বায়ো ইকন'মি খণ্ডৰ ভিতৰত অন্যতম হৈ উঠিছে। ২০১৪ চনত ১০ বিলিয়ন ডলাৰৰ পৰা ২০২৪ চনত এই খণ্ডটো ১৬৫.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ২০৩০ চনৰ ভিতৰত এই খণ্ডত ৩০০ বিলিয়ন ডলাৰৰ লক্ষ্য স্থিৰ কৰা হৈছে।

চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বায়ো ইকন'মি খণ্ডত বায়’ইণ্ডাষ্ট্ৰিয়েল ৪৭ শতাংশ, বায়’ফাৰ্মা ৩৫ শতাংশ, বায়’এগ্ৰি ৮ শতাংশ আৰু বায়’ৰিছাৰ্চ ৯ শতাংশ অৱদান আগবঢ়াইছে।

WHO ভেক্সিন ৰিপ’ৰ্টত ভাৰতৰ উজ্জ্বল উপস্থিতি

২০২৫ চনত ভাৰতে ভেক্সিন নিৰ্মাণ ক্ষেত্ৰত নিজৰ শীৰ্ষস্থানক সুদৃঢ় কৰিছে। WHO গ্লোবেল ভেক্সিন মাৰ্কেট ৰিপ’ৰ্ট অনুসৰি, চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ বিশ্ব ভেক্সিন বজাৰৰ অংশীদাৰিত্ব (ক’ভিড-১৯ বাদ দি) ২০২১ চনৰ ১৯ শতাংশৰ পৰা ২০২৩ চনত ২৪ শতাংশলৈ বৃদ্ধি পাইছে। 

ইয়াৰ মুখ্য কাৰণ হ’ল প্লেউম’ককেল ভেক্সিন, মিজেলছ-ৰুবেলা আৰু টেটানাছ-ডিফথেৰিয়া ভেক্সিনৰ উৎপাদন বৃদ্ধি। বিশ্বৰ মুঠ ভেক্সিন উৎপাদনৰ ৮০ শতাংশতকৈ অধিক ১০টা কোম্পানীয়ে যোগান ধৰে, যাৰ ভিতৰত চিৰাম ইনষ্টিটিউট, ভাৰত বায়’টেক আৰু বায়’লজিকেল ই নামৰ তিনিটা ভাৰতীয় কোম্পানি অন্তৰ্ভুক্ত। 

WHO-ৰ ভেক্সিন ক্ৰয়ৰ প্ৰায় ৪০ শতাংশ যোগান ভাৰতীয় কোম্পানীয়ে দিয়ে। ইয়াৰ প্ৰায় ২০ শতাংশ ভেক্সিন WHO-ৰ আফ্ৰিকান অঞ্চললৈ ৰপ্তানি কৰা হয়।

ইথানল মিশ্ৰণত ভাৰতৰ ঐতিহাসিক সফলতা

ভাৰত ২০২৫ চনৰ ভিতৰত ২০ শতাংশ ইথানল মিশ্ৰণ (E20)ৰ লক্ষ্য পূৰণ কৰিছে, যি মূল লক্ষ্যতকৈ পাঁচ বছৰ আগতে সম্পূৰ্ণ হৈছে। ২০১৪ চনত ইথানলৰ ব্যৱহাৰ আছিল মাত্ৰ ১.৫ শতাংশ। এতিয়া এই বৃদ্ধিয়ে দেশৰ বায়ো ইকন'মি শক্তিৰ সপক্ষে দৃষ্টান্ত স্থাপন কৰিছে।

২০১৪-১৫ পৰা জুন ২০২৫লৈকে কৃষকসকলে ইথানল ফিডষ্টক যোগানৰ পৰা ১,২১,০০০ কোটি টকা উপাৰ্জন কৰিছে। ২০২৫ চনত অৱশ্যে কৃষকসকলক ৪০,০০০ কোটি টকা পৰিশোধ আশা কৰা হৈছে, লগতে ৪৩,০০০ কোটি টকা বৈদেশিক মুদ্ৰা সঞ্চয় সম্ভাৱনা আছে।

জুলাই ২০২৫লৈকে ইথানল মিশ্ৰণে ২৪৫ লাখ মেট্ৰিক টন অশোধিত তেলৰ বিকল্প সৃষ্টি কৰি ১,৪৪,০৮৭ কোটি টকা বৈদেশিক মুদ্ৰা সঞ্চয় কৰাত সহায় কৰিছে।

নতুন বায়োটেক পলিচি – BioE3

২০২৪ চনৰ ২৪ আগষ্টত কেন্দ্রীয় মন্ত্ৰীসভাই জৈৱ-প্ৰযুক্তি বিভাগৰ প্ৰস্তাৱ অনুমোদন কৰি ভাৰতৰ প্ৰথম বায়োটেক পলিচি BioE3 (Biotechnology for Economy, Environment and Employment) ঘোষণা কৰিছে। এই নীতিৰ লক্ষ্য হ’ল  বায়ো মেনুফেকচাৰিং আৰু বায়োফাউণ্ড্ৰি উদ্যোগৰ মাধ্যমেৰে পুনৰুজ্জীৱনীমূলক আৰু টেকসই উদ্যোগিক প্ৰক্ৰিয়া প্ৰচলন কৰা।

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে সহায়ক

বায়ো ইকন'মি খণ্ডই গ্ৰীণ হাউছ গেছ নিৰ্গমন হ্ৰাস, পৰিষ্কাৰ কৃষি, খাদ্য অপচয় হ্ৰাস, বায়ো-এনাৰ্জি ব্যৱহাৰ, বনসংৰক্ষণ আৰু পৰিস্কাৰ উদ্যোগিক প্ৰক্ৰিয়াৰ দ্বাৰা জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

সামগ্ৰিকভাৱে, ভেক্সিন উৎপাদন, ইথানল মিশ্ৰণ আৰু নতুন BioE3 নীতিৰ যোগেদি ভাৰতৰ বায়ো ইকন'মি খণ্ড দেশৰ টেকসই বৃদ্ধি আৰু উদ্ভাৱনৰ এক শক্তিশালী স্তম্ভ হিচাপে গঢ়ি উঠিছে।

WHO জলবায়ু পৰিবৰ্তন