ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে শনিবাৰে কয় যে চলিত বিত্তীয় বৰ্ষত এপ্ৰিল-অক্টোবৰৰ সময়ছোৱাত ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য এছ’চিয়েচন অৱ চাউথ ইষ্ট এছিয়ান নেচনছ (আছিয়ান)ৰ সৈতে ৫.২ শতাংশ বৃদ্ধি পাই ৭৩ বিলিয়ন ডলাৰ হৈছে।
আছিয়ান, এটা গোট হিচাপে ভাৰতৰ অন্যতম প্ৰধান বাণিজ্যিক অংশীদাৰ, ভাৰতৰ বিশ্ব বাণিজ্যৰ প্ৰায় ১১ শতাংশ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰত আৰু আছিয়ানৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১২১ বিলিয়ন ডলাৰ হৈছে।
১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ নতুন দিল্লীত আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি (আইটিগা) যুটীয়া সমিতিৰ ষষ্ঠখন বৈঠক আৰু আইটিগা পৰ্যালোচনা সন্দৰ্ভত আনুষংগিক আলোচনা অনুষ্ঠিত হয়। আছিয়ানৰ ১০খন দেশ ক্ৰমে- ব্ৰুনাই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে এই আলোচনাত অংশগ্ৰহণ কৰে।
এই সময়ছোৱাত আছিয়ানৰ প্ৰতিনিধিসকলে থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ দলসমূহৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ ৰাষ্ট্ৰসমূহৰ মাজত নিৰ্দিষ্ট বাণিজ্যিক সমস্যাসমূহৰ সমাধান কৰে। ইয়াৰ উপৰিও ভাৰত আৰু আছিয়ানৰ মুখ্য আলোচনাপন্থীসকলে আলোচনাৰ অধীনত থকা মূল বিষয়সমূহৰ ওপৰত পাৰস্পৰিক বুজাবুজি গঢ়ি তোলা আৰু আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণৰ বাবে এক সুকীয়া অধিবেশন অনুষ্ঠিত কৰে।
মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, "আইটিগাৰ পৰ্যালোচনা আছিয়ান অঞ্চলৰ সৈতে বহনক্ষমভাৱে বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত এক পদক্ষেপ হ'ব। আইটিগা যুটীয়া সমিতিৰ পৰৱৰ্তী বৈঠক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ'ব।"
উল্লেখ্যযোগ্য যে, আইটিগা যুটীয়া সমিতিখন আঠখন উপ-সমিতিৰ দ্বাৰা সমৰ্থিত। প্ৰত্যেকখনেই আছিয়ান আৰু ভাৰতৰ মাজত বাণিজ্যৰ বিভিন্ন জটিল দিশ সমূহক লৈ দায়বদ্ধ। এই উপ-সমিতিসমূহে বজাৰৰ অনমতি, উৎপত্তিৰ নিয়ম, অনাময় আৰু উদ্ভিদ অনাময় (এছপিএছ) ব্যৱস্থা, মানদণ্ড আৰু কাৰিকৰী নিয়ম, শুল্ক পদ্ধতি, অৰ্থনৈতিক আৰু কাৰিকৰী সহযোগিতা, বাণিজ্যিক প্ৰতিকাৰ,আইনী আৰু প্ৰতিষ্ঠানিক বিধানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।