/asomiyapratidin/media/media_files/2025/10/10/1-2025-10-10-22-29-09.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কাবুলত কেইবাটাও বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিস্ফোৰণৰ ঘটনাই পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।
ইফালে, এই ঘটনাৰ পাছতে আজি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ড০ এছ জয়শংকৰে সকলো ধৰণৰ সন্ত্রাসবাদী কার্যকলাপ উৎখাত কৰাৰ হকে ভাৰত আৰু আফগানিস্তানে ঐক্যবদ্ধভাবে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।
লক্ষ্যণীয় যে, নতুন দিল্লীত আফগানিস্তানৰ বিদেশ মন্ত্রী আমিৰ খান মুট্টাকীৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছতে ভাৰতে আফগানিস্তানৰ সৈতে সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ লগতে আফগান ৰাজধানী কাবুলত দূতাবাস মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
আজি বৈঠকৰ আৰম্ভণিৰ ভাষণত ড০ জয়শংকৰে, বিকাশ আৰু সমৃদ্ধিৰ দিশত কর্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে দুয়োখন দেশৰ উমৈহতীয়া প্রতিশ্রুতিবদ্ধতাৰ বিষয়ে দোহাৰে। আফগানিস্তানৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ভাৰতে গভীৰভাৱে আগ্রহী বুলি তেওঁ মত প্রকাশ কৰে।