/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/00605f31-3fc3-4bdf-bdcb-04b7108196ba/SUBHAM_GARG_14.jpg)
SUBHAM GARG
ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাষ্ট্ৰত ভাৰতীয় ছাত্ৰ হ'ল আক্ৰমণৰ সন্মুখীন। অষ্ট্ৰেলিয়াৰ চিডনীত আগ্ৰাৰ এজন ছাত্ৰক ১১ বাৰকৈ ছুৰিকাঘাত কৰাৰ এক ঘটনা সংঘটিত হৈছে। এই ঘটনাত অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হ'বলগীয়া হৈছে ছাত্ৰজন।
জীৱন, মৃত্যুৰে যুঁজি থকা এই ছাত্ৰজনৰ নাম শুভম গাৰ্গ। ২৭ বছৰীয়া শুভম গাৰ্গৰ লগত সংঘটিত হোৱা এই আক্ৰমণক জাতিগত হিংসাৰ ঘটনা বুলি উল্লেখ কৰা হৈছে। ইফালে এই ঘটনাৰ পিছতে শুভমৰ পৰিয়ালে চিডনী যাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও ভিছা নোপোৱাৰ বাবে যাব পৰা নাই।
ইফালে শুভমক আক্ৰমণ কৰা অষ্ট্ৰেলিয়াৰ ডেনিয়েল নৰউডক অষ্ট্ৰেলিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত শুভমৰ পৰিয়ালে ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। উল্লেখ্য যে অষ্ট্ৰেলিয়াত জীৱন-মৃত্যুৰে যুঁজি থকা শুভম আই আই টি মাদ্ৰাজৰ পৰা স্নাতন ডিগ্ৰী গ্ৰহণ কৰি যোৱা ১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছিল।
অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি পুৱা ১০-৩০ বজাত শুভমক এজন ব্যক্তিয়ে ৰাজপথত ধন দাবী কৰিছিল। শুভমে ধন দিবলৈ অস্বীকাৰ কৰাত ছুৰীৰে উপৰ্যুপৰি আঘাত কৰি সেই স্থানৰ পৰা পলায়ন কৰিছে।
এই আক্ৰমণত শুভমৰ মুখ, বুকু আৰু পেটৰ কেইবাস্থানত আঘাত পাইছে। অৱশ্যে একাংশ সংবাদ মাধ্যমে এই ঘটনাক জাতিগত আক্ৰমণ বুলি কোৱা নাই। আৰু তেনে ঘটনা নহয় বুলি উল্লেখ কৰিছে।