/asomiyapratidin/media/media_files/2025/03/04/r3lpeWTRAGVx3tEZqblW.jpg)
ডিজিটেল ডেস্কঃ আবুধাবিত শিশু হত্যাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত ৩৩ বছৰীয়া ভাৰতীয় মহিলা শ্বাহজাদী খান। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাৰ বাসিন্দা শ্বাহজাদী খানক সংযুক্ত আৰব আমিৰশ্বাহীৰ আইন আৰু নিয়মৰ অধীনত মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে।
সংযুক্ত আৰব আমিৰশ্বাহীৰ কাৰাগাৰত বন্দী শ্বাহজাদী খানক ৰক্ষা কৰিবলৈ তেওঁৰ পিতৃ-মাতৃয়ে দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন জাৰি কৰিছিল। সেই আবেদনৰ উত্তৰ প্ৰদান কৰি বিদেশ মন্ত্ৰালয়ে কয় যে, শ্বাহজাদীক ১৫ ফেব্ৰুৱাৰীতে ফাঁচী দিয়া হৈছিল। ৫ মাৰ্চত তেওঁ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
উল্লেখ কৰা প্ৰয়োজন যে, শ্বাহজাদী খানৰ তত্বাৱধানত থকা এটি শিশুৰ মৃত্যুৰ অপৰাধত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। জানিব পৰা মতে, ২০২০ চনত আগ্ৰাৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈছিল শ্বাহজাদীৰ। যুৱকজনেই তেওঁক কাম দিয়াৰ অজুহাতত ২০২১ চনত আবুধাবিলৈ পঠিয়াই।
২০২২ চনৰ আগষ্ট মাহত তেওঁক এটা পৰিয়ালে তেওঁলোকৰ নৱজাতকৰ যত্ন লোৱাৰ দায়িত্ব দিছিল। ৭ ডিচেম্বৰত শিশুটিৰ টিকাকৰণ কৰা হৈছিল আৰু সেই দিনাই শিশুটিৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে মৰণোত্তৰ পৰীক্ষাৰ পৰামৰ্শ দিছিল যদিও শিশুটিৰ পিতৃ-মাতৃয়ে এই কথা নাকচ কৰিছিল।
২০২৩ চনৰ ডিচেম্বৰত এটা ভিডিঅ’ পোহৰলৈ আহে য'ত শ্বাহজাদী খানে শিশুটোক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল। অৱশ্যে তেওঁৰ পৰিয়ালে অভিযোগ কৰিছিল যে স্বীকাৰোক্তিটো বলপূৰ্বক অত্যাচাৰৰ জৰিয়তে লোৱা হৈছিল। আনহাতে ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত শ্বাহজাদীক আৰক্ষীক দিছিল আৰু ২০২৩ চনৰ ৩১ জুলাইত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us