/asomiyapratidin/media/media_files/2026/01/24/694-2026-01-24-11-13-38.jpg)
ফটো সৌজন্য- সামাজিক মাধ্যম
ডিজিটেল ডেস্ক : আমেৰিকাত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এই শিহৰণকাৰী ঘটনাৰ পাকচক্ৰত নিহত হৈছে এগৰাকী ভাৰতীয় লোক। যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া সংঘটিত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি স্বৰূপে পত্নী, শিশুসহ চাৰিগৰাকী লোকে অকাল মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, আটলাণ্টাৰ ভাৰতীয় মিছনে প্ৰকাশ কৰা অনুসৰি, জৰ্জিয়াৰ লৰেন্সভিল চহৰত পাৰিবাৰিক বিবাদৰ সূত্ৰপাত হয়। পাছলৈ এই ঘটনাই চূড়ান্ত পৰ্যায় পাই স্বামীয়ে গুলীচালনা কৰে। ফলত পত্নী আৰু শিশুসহ চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পাছলৈ মৃত্যুক সাৱটি লয়।
মৃতকৰ ভিতৰত ৩গৰাকীয়ে আছিল শিশু। পিতৃ-মাতৃৰ কাজিয়া দেখি তেওঁলোকে প্ৰথমে এটা আলমাৰীত লুকাই প্ৰাণ ৰক্ষাৰ চেষ্টা চলাইছিল যদিও অৱশেষত তেওঁলোককো গুলীয়াই হত্যা কৰে লোকজনে। অৱশ্যে এই কাণ্ড সংঘটিত কৰা স্বামীৰ প্ৰকৃত পৰিচয় আৰক্ষীয়ে উলিয়াব পৰা নাই। ঘটনা সম্পৰ্কত ক্ষীপ্ৰ তদন্ত চলাই থকাৰ কথা জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us