ডুবাইত এয়াৰ শ্ব'ৰ সময়তে মাটিলৈ সৰি পৰিল যুজাঁৰু বিমান তেজাছ...VIDEO

শুকুৰবাৰে ডুবাই এয়াৰ শ্ব’ৰ সময়তে সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ভাৰতীয় তেজাছ যুদ্ধ বিমান। প্ৰাপ্ত খবৰ অনুসৰি বিমানখনত থকা পাইলটজনৰ মৃত্যু হয়। সামাজিক মাধ্যমত ভাইৰেল হৈ

author-image
Asomiya Pratidin
New Update
UJJJDDD

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে ডুবাই এয়াৰ শ্ব’ৰ সময়তে সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ভাৰতীয় তেজাছ যুদ্ধ বিমান। প্ৰাপ্ত খবৰ অনুসৰি বিমানখনত থকা পাইলটজনৰ মৃত্যু হয়। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ত দেখা গৈছে যে তেজাছ জেট বিমানখনে আকাশত যুদ্ধ শৈলী প্ৰদৰ্শন কৰি থকাৰ সময়তে  হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ সৰি পৰে। 

স্থানীয় সময় অনুসৰি দিনৰ ২:১০ বজাত হাজাৰ হাজাৰ দৰ্শকে বিমানখনৰ যুদ্ধ শৈলী চাই থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। আকাশৰ মাজভাগত ঘূৰি থকা বিমানখনৰ পাইলটে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই এনে শোকাৱহ দুৰ্ঘটনা হোৱা বুলি সদৰি কৰিছে বিভাগটোৱে। 

এই দুৰ্ঘটনাৰ পিছতে ডুবাই এয়াৰ শ্ব’ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় বায়ুসেনাই ডুবাইত তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাটো নিশ্চিত কৰিছে। আই এ এফে কয় যে, "ডুবাই এয়াৰ শ্ব' ২০২৫ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। 

উল্লেখ কৰা প্ৰয়োজন যে,  তেজছ হৈছে হিন্দুস্তান এৰ’নটিক্স লিমিটেডে (এইচ এ এল) বিমান প্ৰতিৰক্ষা অভিযানে নিৰ্মাণ কৰা এখন বিমান। স্থল আৰু সাগৰীয় যুদ্ধ কাৰ্য্যকলাপৰ বাবেও ইয়াক ডিজাইন কৰা হৈছে, যাৰ ফলত ই ভাৰতীয় বায়ু সেনাৰ অন্যতম এখন যুজাঁৰু বিমান। 

ইয়াৰ পূৰ্বে ২০২৪ চনত জয়ছালমেৰৰ ওচৰত সংঘটিত হৈছে এনে এক দুৰ্ঘটনা। তাৰ পিছতে এইটো হৈছে দ্বিতীয়টো দুৰ্ঘটনা, য'ত ভূপতিত হৈছে ভাৰতে নিৰ্মাণ কৰা বিমান তেজাছ। 

https://twitter.com/i/status/1991817926899630475

বিমান দুৰ্ঘটনা