বিচিত্ৰ ভাৰতঃ এফালে গো-মাতাক পূজা, আনফালে গো-মাংসৰ ৰপ্তানি বৃদ্ধি

ভাৰত এনে এখন দেশ য'ত গৰুক পূজা কৰা হয়। আনফালে আকৌ এই দেশতে গো হত্যা কৰি ভক্ষণ কৰাও হয়। গো-হত্যাৰ ক্ষেত্ৰত ভাৰতত নাই কোনো কেন্দ্ৰীয় আইন। সেয়ে ৰাজ্যভেদে আছে পৃথক পৃথক আইন।

author-image
Tushar Pratim
New Update
বিচিত্ৰ ভাৰতঃ এফালে গো-মাতাক পূজা, আনফালে গো-মাংসৰ ৰপ্তানি বৃদ্ধি

ডিজিটেল ডেস্কঃ  ভাৰত এনে এখন দেশ য'ত গৰুক পূজা কৰা হয়। আনফালে আকৌ এই দেশতে গো হত্যা কৰি ভক্ষণ কৰাও হয়। গৰুৰ প্ৰতি থকা এই ধৰ্মীয় বিশ্বাসৰ মাজতে থকা বাস্তৱিক বৈচিত্রই দেশখনত গোমাংসৰ বিক্ৰী আৰু ভক্ষণৰ ক্ষেত্ৰত এক বৈপৰীত্য সৃষ্টি কৰে।

Advertisment

ভাৰতৰ ২৯খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ ভিতৰত মুঠ ১০খন ৰাজ্যত গৰু, বলধ, ষাঁড় আৰু ম’হৰ মাংসৰ বিক্ৰী আৰু ভক্ষণ সম্পূৰ্ণৰূপে বৈধ। যাৰ ভিতৰত অসমো আছে।

আনহাতে, ১১খন ৰাজ্য আৰু কেইখনমান কেন্দ্ৰশাসিত অঞ্চলত গো-হত্যাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই ৰাজ্যবোৰত এই নিয়ম উলংঘা কৰিলে দীৰ্ঘ সময়ৰ কাৰাদণ্ড আৰু জৰিমণাৰ বিহাৰ নিয়ম আছে। অথচ ভাৰতেই আকৌ বিশ্বৰ ভিতৰত সৰ্বাধিকৱ গো-মাংস ৰপ্তানিকাৰী দেশ।

ভাৰতৰ বিভিন্ন ৰাজ্যত গো-হত্যাৰ বাবে ভিন ভিন আইন কাৰ্যকৰী হৈ আছে। তথাপিও তথ্য অনুসৰি গো-মাংসৰ মূল্য ছাগলী, কুকুৰা আদিৰ মাংসৰ তুলনাত কম। সেয়ে যিসকলে গো-মাংস ভক্ষণ কৰে তেওঁলোকে এই মাংসৰ প্ৰতিয়েই অধিক আগ্ৰহী হয়। কেৱল মুছলমানেই নহয়, খ্ৰীষ্টান আৰু বহু জনজাতীয় সমাজত গো-মাংসৰ প্ৰচলন আছে।

গো-মাংসৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা থকা ৰাজ্যসমূহৰ ভিতৰত জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তিশগড় অন্তৰ্ভুক্ত। কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আছে দিল্লী আৰু চণ্ডীগড়। হৰিয়ানাত গোহত্যাৰ বাবে ১০ বছৰ পৰ্যন্ত জেল আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে।

মহাৰাষ্ট্ৰত গো-হত্যা কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ হাজাৰ পৰ্যন্ত জৰিমণা বিহাৰ নিয়ম আছে। গো-হত্যাত আংশিক প্ৰতিবন্ধকতা আছে ৮ ৰাজ্যত। এই ৰাজ্যসমূহত অৱশ্যে বলধ, ষাঁড় আৰু ম’হ ভক্ষণত অনুমতি আছে।

বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, গোৱাৰ উপৰিও দমন আৰু দিউ, দাদৰা নগৰ হাভেলি, পুডুছেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আজি। কেৰালা, পশ্চিম বংগ, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু লক্ষদ্বীপ এই ৰাজ্যসমূহত গো-হত্যাত প্ৰতিবন্ধকতা নাই।

অসমত গোহত্যা সম্পূৰ্ণৰূপে বৈধ নহয় যদিও, ইয়াত গোহত্যা নিয়ন্ত্ৰণ আইন (Assam Cattle Preservation Act) কাৰ্যকৰী কৰা হৈছে। এই আইন অনুসৰি কেৱল সেই গৰুবোৰেহে ভক্ষণ কৰিব পৰা যায় যিসমূহৰ বয়স ১৪ বছৰৰ ওপৰত বা কাম কৰিবলৈ অক্ষম বুলি প্ৰমাণিত হয়।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অধিকাংশত গো-হত্যাত কোনো নিষেধাজ্ঞা নাই। এই ৰাজ্যসমূহত জনজাতীয়, জনগোষ্ঠীয় আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ বাবে এইসমূহ ৰাজ্যত গো-মাংসৰ প্ৰচলন মুকলিকৈ হৈ আছে।

ভাৰতত গৰুক পূজা কৰিলেও গোহত্যাৰ ক্ষেত্ৰত কোনো কেন্দ্ৰীয় আইন নাই। সেয়ে ৰাজ্যভেদে এই ক্ষেত্ৰত ভিন ভিন আইন। গো-হত্যাৰ বিৰুদ্ধে ৰাজনৈতিক ভাৱে লাভালাভৰ বাবে বিষয়টো সংবাদ শীৰ্ষত থাকে যদিও আজিৰ ভাৰত বিশ্বৰ অন্যতম বৃহৎ গোমাংস ৰপ্তানীকাৰী দেশ।

শেহতীয়াকৈ আমেৰিকাৰ কৃষি বিভাগৰ (USDA) গ্ল'বেল এগ্ৰিকালচাৰেল ইনফৰ্মেচন নেটৱৰ্ক (GAIN)ৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনত ভাৰতৰ পৰা গো-মাংসৰ ৰপ্তানি (সৰ্বাধিক কেৰাবিফ)ৰ ৰপ্তানি ১.৬৫ মেট্ৰিক টন বুলি অনুমান কৰা হৈছে। যি ২০২৪ চনৰ তুলনাত প্ৰায় ৪ শতাংশ বৃদ্ধি পাইছে ।

ভাৰতৰ মূল ৰপ্তানি বজাৰসমূহৰ ভিতৰত মালয়েছিয়া, ভিয়েটনাম, ইণ্ডোনেছিয়া, ইৰাক, সংযুক্ত আৰব আমিৰশ্বাহী, আৰু চৌদি আৰব অন্তৰ্ভুক্ত। তথ্য অনুসৰি ২০২৩ চনত ভাৰতৰ ৰপ্তানিৰ প্ৰায় ৬৫ শতাংশই এই দেশকেইখনে গ্ৰহণ কৰিছিল।

অৱশ্যে গো-মাংস আৰু গো-মাংসৰ সামগ্ৰী আমদানি কৰাত ভাৰতে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতে কোনো ধৰণৰ কেৰাবিফ আমদানি নকৰে।

Cow Slaughter cow