ডিজিটেল ডেস্কঃ দেশৰ ফাৰ্মা উদ্যোগে আয়তন হিচাপত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ দেশৰ ফাৰ্মা উদ্যোগৰ ঔষধৰ বজাৰৰ মূল্যই ৫০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী অনুপ্ৰিয়া পেটেলে ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে।
ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে,২০২৩-২৪ বৰ্ষত ঔষধৰ বজাৰৰ ঘৰুৱা ব্যৱহাৰৰ মূল্য আছিল ২৩.৫ বিলিয়ন ডলাৰ আৰু ৰপ্তানিৰ মূল্য আছিল ২৬.৫ বিলিয়ন ডলাৰ। বৰ্তমান ঔষধ উদ্যোগত ভাৰতৰ স্থিতি অতি শক্তিশালী।
জেনেৰিক ঔষধ,ভেকচিন,বায়'চিমিলাৰকে ধৰি বিভিন্ন প্ৰকাৰৰ ঔষধৰ উৎপাদন মূল্যৰ দিশত ভাৰতৰ স্থান ১৪। ২০২২-২৩ বৰ্ষত ফাৰ্মাচিটিকেল,মেডিচনেল,বতানিকেল প্ৰডাক্ট উদ্যোগত নিয়োজিত হৈ আছে ৯,২৫,৮১১ গৰাকী ব্যক্তি। মন্ত্ৰণালয়ে লগতে জানিব দিয়া মতে,ফাৰ্মাচিটিকেল বিভাগে ইতিমধ্যে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ৭ টা ৰাষ্ট্ৰীয় ঔষধ আৰু গৱেষণা প্ৰতিষ্ঠান চমুকৈ এনআইটিআৰ স্থাপন কৰিছে।