/asomiyapratidin/media/media_files/2026/02/13/s400-2026-02-13-16-59-13.jpg)
নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত মন কৰিলে দেখিব যে- ভাৰতে তীব্ৰগতিত সমগ্ৰ বিশ্বৰ সমুখত নিজৰ শক্তি আৰু ক্ষমতা বৃদ্ধি আৰু প্ৰমাণ কৰি আহিছে। চিৰবৈৰী পাকিস্তান, বাংলাদেশ, চীনৰ দৰে দেশৰ সীমান্তত লাগি থকাৰ পাছতো ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছে।
কিন্তু তাৰমাজতে সমগ্ৰ বিশ্বৰ ভিতৰত কেইখনমান এনে ৰাষ্ট্ৰও আছে যি পূৰ্বৰে পৰা ভাৰতৰ সৈতে থিয় দি আছে, সহায় কৰি আহিছে ভাৰতবৰ্ষক। তেনেই এখন মিত্ৰৰাষ্ট্ৰ হৈছে ৰাছিয়া। এতিয়া ভাৰত আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা সম্বন্ধৰ ক্ষেত্ৰত বিগত দুটা দিনত ইতিবাচক খবৰ আহিছে।
ৰাছিয়াৰ S-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ বাকী থকা দুটা স্কোৱাড্ৰণ ভাৰতে এই বৰ্ষতে লাভ কৰিব। শুকুৰবাৰে লাভ কৰা খবৰ অনুসৰি ২৮৮টা ছাৰ্ফেচ টু এয়াৰ মিছাইল ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰা হৈছে দুয়োখন দেশৰ মাজত। এই মিছাইলৰ ৰেঞ্জ ৪০ৰ পৰা ৪০০ কিলোমিটাৰ পৰ্যন্ত।
Defence Acquisition Council চমুকৈ ডিএচিয়ে ৰাছিয়াৰ পৰা S-400ত ব্যৱহাৰ হোৱা 288 মিছাইল ক্ৰয় বাবে ‘আৱশ্যকতাৰ বাবে স্বীকৃতি’ চুক্তিত স্বাক্ষৰ কৰি সেউজ সংকেট প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই মিছাইল ক্ৰয়ৰ বাবে ব্যয় কৰা হ’ব ১০ হাজাৰ কোটি টকা।
S-400 মিছাইলৰ গতি কিমানঃ
ৰাছিয়াৰ দ্বাৰা নিৰ্মাণ কৰা S-400 মিছাইলৰ সৰ্বাধিক গতি প্ৰতি ছেকেণ্ডত ৪.৮ কিলোমিটাৰ বা ১৪ মেক। এই মিছাইলে আকাশমাৰ্গত ৩০ কিলোমিটাৰ উচ্চতালৈকে শত্ৰু ৰাষ্ট্ৰৰ যুঁজাৰু বিমান বা ফাইটাৰ জেট, ড্ৰোণ, বেলিষ্টিক মিছাইল ধ্বংস কৰাৰ ক্ষমতা আছে।
অপাৰেশ্যন সিন্দূৰত ব্যৱহাৰ হৈছিল S-400 মিছাইলঃ
পাকিস্তানী সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত ২৬গৰাকী পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে আৰম্ভ কৰিছিল অপাৰেশ্যন সিন্দূৰ। পাকিস্তানৰ বিৰুদ্ধে এই অপাৰেশ্যনত ভাৰতে ব্যৱহাৰ কৰিছিল S-400 মিছাইল। তেতিয়াৰে পৰা অনুভৱ কৰা হৈছিল ভাৰতীয় সেনা বাহিনীক এই মিছাইলৰ কিমান প্ৰয়োজনীয়তা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us