ট্ৰাম্পৰ দেশত ভাৰতীয় নাগৰিকক দৌৰাই দৌৰাই হত্যা কৰিলে দুৰ্বৃত্তই...

ট্ৰাম্পৰ দেশত চৰম নিৰাপত্তাহীনতাত ভুগিছে ভাৰতীয় নাগৰিক। শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাৰ পিছতে আমেৰিকাত বাস কৰা ভাৰতীয়সকলৰ শংকিত হৈ পৰিছে। আমেৰিকাৰ টেক্সাছৰ ডলাছ চহৰত এগৰাকী ভাৰতীয়ক

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ ট্ৰাম্পৰ দেশত চৰম নিৰাপত্তাহীনতাত ভুগিছে ভাৰতীয় নাগৰিক। শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাৰ পিছতে আমেৰিকাত বাস কৰা ভাৰতীয়সকলৰ শংকিত হৈ পৰিছে। আমেৰিকাৰ টেক্সাছৰ ডলাছ চহৰত এগৰাকী ভাৰতীয়ক পত্নী আৰু পুত্ৰ সন্মুখতে ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই। 

আৰক্ষীয়ে সদৰি কৰি অনুসৰি, মৃত ভাৰতীয় লোকগৰাকীৰ নাম চন্দ্ৰমৌলী নাগমেল্লা। চেন্নাইৰ এই ৫০বছৰীয়া লোকগৰাকীৰ হত্যা কৰাৰ পাছতে এতিয়া ভাৰতীয় দূতাবাসেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কাৰ্যালয়ত থকাৰ সময়তে হত্যা কৰা ভাৰতীয় ব্যক্তিগৰাকীৰ মৃত্যুৰ তদন্ত কৰিবলৈ ভাৰতীয় দূতাবাসে আহ্বান জনাইছে মাৰ্কিন প্ৰশাসনক।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, কবছ মাৰ্টিনেছ নামৰ ৩৭বছৰীয়া লোকগৰাকীয়ে এটা সাধাৰণ কথাতে হত্যা কৰে চন্দ্ৰমৌলীক। পূৰ্বেও এনে ঘটনাৰ বাবে জেললৈ গৈছে হত্যাকাৰী। 

আৰক্ষীক দিয়া ভাষ্য অনুসৰি, চন্দ্ৰমৌলীয়ে নিজৰ প্ৰাণ বচাবলৈ দৌৰি দৌৰি নিজা বাসভৱনৰ চৌহদত উপস্থিত হৈছিল যদিও পত্নী আৰু পুত্ৰৰ সন্মুখতে ডিঙি কাটি হত্যা কৰে তেওঁক। 

আমেৰিকা