আৰক্ষী সঞ্চালক প্ৰধান পদত অধিস্থিত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা কাঞ্চন চৌধুৰী আৰু নাই…

আৰক্ষী সঞ্চালক প্ৰধান পদত অধিস্থিত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা কাঞ্চন চৌধুৰী আৰু নাই…
  • কাঞ্চন চৌধুৰী আৰু নাই।
  • দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে চৌধুৰীয়ে।
  • তেওঁ আছিল মহিলা আৰক্ষী সঞ্চালক প্রধান পদত অধিস্থিত হোৱা ভাৰতৰ প্রথমগৰাকী মহিলা।
  • ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰা কিৰণ বেদীৰ পাছতেই দ্বিতীয়গৰাকী মহিলা ৰূপে এই সেৱাত যোগদান কৰিছিল কাঞ্চন চৌধুৰীয়ে।
  • ১৯৭৩চনত তেওঁ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল।
  • ২০০৪চনত তেওঁ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপে নিযুক্তি দিয়া হৈছিল।
  • ২০০৭ৰ ৩১ অক্টোবৰত অৱসৰ লৈছিল চৌধুৰীয়ে।
  • ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কাঞ্চন চৌধুৰীয়ে।
  • হিমাচলপ্ৰদেশত জন্মগ্ৰহণ কৰা কাঞ্চন চৌধুৰীয়ে যথেষ্ট প্ৰত্যাহ্বাৰ মাজেৰে ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল।
  • পাৰিবাৰিক বিবাদৰ বাবে তেওঁৰ ককাকে পিতৃ-মাতৃক উলিয়াই দিছিল ঘৰৰ পৰা।
  • সেই সময়ত তেওঁৰ বয়স আছিল ৭ বছৰ।
  • কৃষক পিতৃয়ে অশেষ কষ্টৰে কাঞ্চন চৌধুৰীক ভাৰতীয় আৰক্ষী সেৱাত যোগদানৰ বাবে উপযুক্ত কৰি তুলিছিল।
  • অমৃতসৰৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা চৌধুৰীয়ে কলেজীয়া শিক্ষা লৈছিল দিল্লীত।
  • ১৯৭৫চনত তেওঁ উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে যোগদান কৰিছিল।
  • ১৯৮৯চনত তেওঁ লাভ কৰিছিল পুলিচ মেডেল ফৰ মেৰিটিয়াজ চাৰ্ভিছ সন্মান।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in