/asomiyapratidin/media/media_files/2024/12/10/NSaIVJVtLJmqX4enEo1c.jpg)
ডিজিটেল ডেস্কঃ পি ডব্লিউ চি ইণ্ডিয়াৰ “গ্ল’বেল এণ্টাৰটেইনমেণ্ট এণ্ড মিডিয়া আউটলুক ২০২৪–২৮: ইণ্ডিয়া পাৰ্চপেক্টিভৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় মনোৰঞ্জন আৰু মিডিয়া উদ্যোগটোৱে ২০২৮ চনৰ ভিতৰত বাৰ্ষিক ৮.৩% ৰাজহ বৃদ্ধিৰে ৩,৬৫,০০০ কোটি টকা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।
অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো ভাৰতীয় মনোৰঞ্জন আৰু মিডিয়া উদ্যোগটোৱে প্ৰতিবছৰে ৫.৫ শতাংশকৈ বৃদ্ধি পাইছে। ২০২২ চনত ১৩,৮৯১,০০০ কোটি টকাৰ পৰা ২০২৩ চনত ১৭,৩৫৯,০০০ কোটি টকালৈ বৃদ্ধি হৈ ভাৰত বৰ্তমান ৯ নং স্থানত উপনীত হৈছে।
মনোৰঞ্জন আৰু মিডিয়া উদ্যোগৰ ক্ষেত্ৰত বৰ্তমান বিশ্বৰ বজাৰত ৰাজহৰ হিচাপত আমেৰিকা আগবাঢ়ি আছে, এই ক্ষেত্ৰত দ্বিতীয় স্থানত চীন আৰু ৯ নং স্থানত উপনীত হৈছে ভাৰত।
এই সন্দৰ্ভত পি ডব্লিউ চি ইণ্ডিয়াৰ মুখ্য ডিজিটেল বিষয়া তথা টি এম টি নেতা মনপ্ৰীত সিং আহুজাই মন্তব্য কৰে যে, “ভাৰতৰ মনোৰঞ্জন আৰু সংবাদ মাধ্যম খণ্ড এক বৃহৎ পৰিৱৰ্তনৰ পথত। আমাৰ গ্ল’বেল এণ্টাৰটেইনমেণ্ট এণ্ড মিডিয়া আউটলুক ২০২৪-২০২৮ অনুসৰি ডিজিটেল বিজ্ঞাপন, অ’টিটি প্লেটফৰ্ম, অনলাইন গেমিং আৰু জেনেৰেটিভ এআইৰ দৰে মূল বৃদ্ধিৰ চালকসমূহে উদ্যোগটোৰ ভৱিষ্যত গঢ় দিছে।
লগতে কয় যে, এই দ্ৰুতগতিত সম্প্ৰসাৰিত খণ্ডসমূহে ভাৰতক উদ্ভাৱন আৰু বৃদ্ধিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থান দিছে। এই ক্ষেত্ৰসমূহত খাপ খোৱা আৰু উদ্ভাৱন কৰা ব্যৱসায়ীসকলে এই গতিশীল পৰিৱেশত অতুলনীয় সুযোগসমূহ গ্ৰহণ কৰিবলৈ সাজু হৈছে।”