কি কাৰণত আমেৰিকান আৰক্ষীয়ে ৪জাই গুলী চলাব লগা হৈছিল অভিযন্তা নিজামুদ্দিনলৈ...

আমেৰিকাৰ কেলিফৰ্ণিয়াত এজন ভাৰতীয় অভিযন্তাক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। মহম্মদ নিজামুদ্দিন নামৰ লোকজনৰ ৰূমমেটৰ সৈতে কাজিয়া হোৱা বুলি জানিব পৰা গৈছে। তেলেংগানাৰ নিজামুদ্দিনৰ পৰিয়ালে

author-image
Asomiya Pratidin
New Update
yhhh

ডিজিটেল ডেস্কঃআমেৰিকাৰ কেলিফৰ্ণিয়াত এজন ভাৰতীয় অভিযন্তাক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। মহম্মদ নিজামুদ্দিন নামৰ লোকজনৰ ৰূমমেটৰ সৈতে কাজিয়া হোৱা বুলি জানিব পৰা গৈছে। তেলেংগানাৰ নিজামুদ্দিনৰ পৰিয়ালে তেওঁৰ মৃতদেহ উদ্ধাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। 

গুলীয়াই হত্যা কৰাৰ পূৰ্বে নিজামদ্দিনে ৰাজহুৱাভাৱে বৰ্ণগত হাৰাশাস্তি আৰু চাকৰিৰ অসুবিধাৰ অভিযোগ উত্থাপন কৰিছিল। মহম্মদ নিজামুদ্দিন ফ্ল’ৰিডাৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ইয়াৰ পিছত তেওঁ কেলিফৰ্ণিয়াৰ এটা কোম্পানীত কাম কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

লিংকডিনৰ এটা পোষ্টত নিজামুদ্দিনে অভিযোগ কৰে যে তেওঁক ভুলকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু তেওঁৰ দৰমহাৰ পৰা প্ৰতাৰণা কৰা হৈছে। তদুপৰি নিজামুদ্দিনে বৰ্ণবাদী হাৰাশাস্তিৰ বিষয়ে এটা পোষ্টো শ্বেয়াৰ কৰিছিল। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি নিজামুদ্দিনক চাৰিটা গুলীচালনা কৰা হৈছে।

ছান্টা ক্লাৰা আৰক্ষীৰ এক বিবৃতি অনুসৰি ছুৰীৰে আঘাত কৰাৰ সন্দৰ্ভত ৯১১ নম্বৰত ফোন আহিছিল। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়া। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোক আহি পোৱাৰ সময়ত এজন লোকে দা লৈ থিয় হৈ আছিল। যেতিয়া তেওঁ মানি ল’বলৈ অস্বীকাৰ কৰিলে, তেতিয়া তেওঁক গুলীয়াই হত্যা কৰা হয়।  যোৱা ৩ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা। 

আমেৰিকা