/asomiyapratidin/media/media_files/2025/08/15/ujjd-2025-08-15-11-56-18.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ ভাৰতীয় সেনা আৰু আই টি বি পিৰ লগতে স্থানীয় জনতাই অৰুণাচল প্ৰদেশৰ টাৱাঙত ১৪,০০০ ফুট উচ্চতাত ঐতিহাসিক ত্ৰিৰংগা যাত্ৰাৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰে। দেশপ্ৰেম আৰু দলগত কামৰ অপূৰ্ব মিলন দেখা গ’ল ১৪,০০০ ফুট উচ্চতাত। ভাৰতীয় সেনাৰ গজৰাজ কৰ্পচে ত্ৰিৰংগা মার্চৰ নেতৃত্ব প্ৰদান কৰি ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰে।
এইক্ষেত্ৰত অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ১৬০ গৰাকী গোৰ্খা সেনা আৰু সংলগ্ন সেনাৰ লগতে ২৫ গৰাকী আই টি বি পি জোৱানে ১০০ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ সেউজ হিমালয়ৰ পৰ্বতমালাৰ মাজেৰে এক বিশাল শোভাযাত্ৰা কৰি লৈ যায়। এই ত্ৰিৰংগা যাত্ৰাত সেনাৰ সৈতে প্ৰায় ডেৰ শতাধিক গাঁওবাসী আৰু কণ কণ শিশুৰ লগতে ছাত্ৰছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।
উল্লেখ্য যে টাৱাং জিলাৰ মাগো আৰু চুনাৰ গ্ৰীণফিল্ড গাঁৱৰ পৰা কান্ধত কান্ধ মিলাই সেনা,নাগৰিক আৰু ছাত্ৰছাত্ৰী সকলো আগবাঢ়ি যায়। এই ত্ৰিৰংগা যাত্ৰাৰ সময়ত সমগ্ৰ অঞ্চলটোৰ প্ৰাকৃতিক দৃশ্য কেশৰীয়া, বগা আৰু সেউজীয়া ৰঙৰে উজ্জ্বল সমুদ্ৰত পৰিণত হয়।
এইক্ষেত্ৰত সহায়ক আয়ুক্ত থুটান ৱাংচুৰ নেতৃত্বত প্ৰশাসনে স্থানীয় জনতাক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল আৰু ভাৰতীয় সেনাই সমন্বয় কৰিছিল। আনহাতে সাৰনাথ, বাৰাণসী (উত্তৰ প্ৰদেশ)স্থিত কেন্দ্ৰীয় উচ্চ তিব্বতি অধ্যয়ন প্ৰতিষ্ঠানৰ ২৩ জন ছাত্ৰ আৰু এজন শিক্ষকও নিজৰ দেশপ্ৰেমিক মূলবোৰক অনুভৱ কৰিবলৈ এই মার্চত অংশ লৈছিল।
এই বৰ্ণিল ত্ৰিৰংগা যাত্ৰাৰ পিছত সকলো সংস্থাই একেলগে ‘নো প্লাষ্টিক জোন’ পৰিষ্কাৰ অভিযান চলাই,আৱৰ্জনা আদি আতৰাই সকলোৱে হিমালয়ৰ সূক্ষ্ম পৰিৱেশ প্ৰণালীৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি পুনৰায় দৃঢ় কৰি তোলে । আনহাতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰি ইয়াক ভাৰতৰ সঠিক আত্মা ইয়াৰ শিখৰত” বুলি বৰ্ণনা কৰে।
ইফালে মাগো আৰু চুনা গাঁওখনৰ প্ৰতিখন ঘৰতে জাতীয় পতাকা উত্তোলন কৰা হৈছিল,যি স্বাধীনতা,গৌৰৱ আৰু পৰিৱেশগত দায়িত্ববোধৰ এটা সামূহিক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।