/asomiyapratidin/media/media_files/2026/02/14/rguuuu-2026-02-14-13-03-25.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ গঠনত প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে শুকুৰবাৰে ভাৰতীয় সেনাৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। অনুষ্ঠানটো অনুষ্ঠিত হৈছিল নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ৰক্ষা মন্ত্ৰণালয়ৰ অধীনত থকা এডজুটেন্ট জেনেৰেলৰ ব্রাঞ্চ, ইন্টেগ্ৰেটেড হেডকোৱাৰ্টাৰ্ছত।
ভাৰতীয় সেনাৰ পক্ষে এই চুক্তিত স্বাক্ষৰ কৰে ব্রিগেডিয়াৰ টি. এম. সিনহা, ছেৰিম’নিয়েল আৰু ৱেলফেয়াৰ ডিৰেক্টৰেট ret আৰু RGU পক্ষে স্বাক্ষৰ কৰে প্ৰফেছৰ ডি. এন. সিং, ৰেজিষ্ট্ৰাৰ, একাডেমিকছ।
এই সহযোগীতাৰ অধীনত, RGU-এ দুটা বিশেষ একাডেমিক বৃত্তি প্ৰদান কৰিব ক্ৰমে- ৰয়েল শৌৰ্য্য আৰু ৰয়েল সুৰক্ষা। যাৰ উদ্দেশ্য হৈছে ভাৰতীয় সেনাৰ কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত সেনা, শাৰীৰিক অক্ষমতা থকা কৰ্মচাৰী আৰু যি সকলে কৰ্মকালে প্ৰাণত্যাগ কৰিছে, সেই সকলৰ পৰিয়াল আৰু সন্তান সকলক মানসন্মত উচ্চশিক্ষাৰ সুবিধা প্ৰদান কৰা।
এই সন্দৰ্ভত, প্ৰফেছৰ ডি. এন. সিঙে কয়- “RGU-এ ৰয়েল শৌৰ্য্য বৃত্তিৰ অধীনত ১০০% বৃত্তি প্ৰদান কৰিছে শ্বহীদ আৰু বীৰত্ব পুৰস্কাৰপ্ৰাপ্তৰ পৰিয়ালৰ সন্তানৰ বাবে। লগতে ‘ৰয়েল সুৰক্ষা’ বৃত্তিৰ অধীনত ৫০% বৃত্তি প্ৰদান কৰিছে অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাৰ সন্তানৰ বাবে।
চুক্তি অনুসৰি, ভাৰতীয় সেনাই সকলো বিদ্যালয়, পদ আৰু প্ৰতিষ্ঠানসমূহক বৃত্তি কাৰ্যসূচীৰ বিষয়ে জনাব, যোগ্য প্ৰাৰ্থীসকলৰ সময়মতে নাম প্ৰেৰণ নিশ্চিত কৰিব। ইয়াৰ লগতে, এজন বিষয়া নিযুক্তি কৰা হ’ব যি নীতি আৰু প্ৰশাসনিক বিষয়সমূহত একমাত্ৰ সম্বন্ধ স্থাপনকাৰী হিচাপে কাম কৰিব। লগতে নিৰ্ধাৰিত মানদণ্ড অনুসৰি প্ৰাৰ্থীৰ নাম অনুমোদন কৰিব, আৰু যোগ্যতাৰ প্ৰমাণপত্ৰৰ বাবে আৱশ্যকীয় নথিপত্ৰ প্ৰদান কৰিব।
অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় হৈছে এক বহু শাখীয় আৰু সামগ্ৰিক শিক্ষামূলক প্ৰতিষ্ঠান, যিয়ে বিজ্ঞান, অভিযান্ত্রিকী, ব্যৱস্থাপনা আৰু বাণিজ্য, স্থাপত্য, পাৰামেডিকেল আৰু সংশ্লিষ্ট স্বাস্থ্য বিজ্ঞান, ফাৰ্মাচী, আইন, মানৱতা আৰু সামাজিক বিজ্ঞান, কলা আৰু ডিজাইন, ক্ৰীড়া আৰু অন্যান্য শাখাত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট স্তৰৰ একাডেমিক প্ৰ’গ্ৰাম প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us