/asomiyapratidin/media/media_files/2025/11/02/fdefereqw3-2025-11-02-13-24-17.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত আহি পালে সমগ্ৰ দেশে অপেক্ষা কৰি থকাৰ মুহূৰ্তটি। আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ মহাৰণ। খন্তেক সময়ৰ পাছতে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ ফাইনেল খেলখন। আজিৰ ফাইনেলত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ সৈতে মুখামুখি হ’ব।
চেমিফাইনেলত অষ্ট্ৰেলিয়া দলক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে। ফাইনেলৰ দিনটোত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিজন লোকে মহিলা ক্ৰিকেট দলটোক জনাইছে শুভেচ্ছা। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ সদস্য সকলেও শুভেচ্ছা জনাইছে দলটোক।
উল্লেখযোগ্য যে, মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ সৰ্বাধিক বাৰ জয় কৰা দলটো হৈছে অষ্ট্ৰেলিয়া। ১৯৭৩ চনত এতিয়ালৈকে মুঠ ১২খন বিশ্বকাপ অনুষ্ঠিত হৈছে। ইয়াৰে অষ্ট্ৰেলিয়াই ৭বাৰ অভিলেখ গঢ়ি খিতাপ দখল কৰিছে। ইংলেণ্ডৰ দলটোৱে চাৰিবাৰকৈ ট্ৰফী জয় কৰি দ্বিতীয় স্থানত আছে।
আনহাতে, নিউজিলেণ্ড দলটোৱে এবাৰ বিশ্বকাপ জয় কৰিছে। আজি মহিলা ক্ৰিকেটে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন। ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে এবাৰো ট্ৰফী লাভ কৰিব পৰা নাই। দুয়োটা দলেই প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰাৰ উদ্দেশ্যেৰে আজি নামিব খেলপথাৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us