ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে 'এদিনীয়া মহিলা বিশ্বকাপ ২০২৫'ৰ খিতাপ

২ নৱেম্বৰ, ২০২৫। ভাৰতীয় ক্ৰিকেট ইতিহাসত স্বৰ্ণিল আখৰেৰে লিখা থাকিব এই দিনটো। দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (14)

ডিজিটেল ডেস্কঃ ২ নৱেম্বৰ, ২০২৫। ভাৰতীয় ক্ৰিকেট ইতিহাসত স্বৰ্ণিল আখৰেৰে লিখা থাকিব এই দিনটো। দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ। 

চিৰ আকাংক্ষিত সাফল্য লাভৰ কাষ চাপিও দুবাৰকৈ ব্যৰ্থতাৰ সন্মুখীন হ’বলগা হৈছিল ভাৰতীয় দল ।
কিন্তু এইবাৰ ব্যৰ্থতাৰ এই ইতিহাস সলনি কৰি বিশ্বজয় কৰিলে ভাৰতে। দেওবাৰে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফীত চুম্বন দিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।  দেশবাসীৰ আশা-প্ৰত্যাশাক যুগমীয়া কৰি হৰমনপ্ৰীত বাহিনীয়ে তুলি লৈছে চিৰ আকাংক্ষিত মহিলা বিশ্বকাপৰ খিতাপ। দেওবাৰে মুম্বাইত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথম বিশ্বজয়ৰ এই খিতাপ দখল কৰে।

দেওবাৰৰ খেলখনত ফাইনেলত টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা অ’লভাৰ্ডে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। সেই অনুসাৰে ভাৰতীয় দলে প্ৰথমে বেটিং কৰি এক শক্তিশালী আৰম্ভণি ঘটায়। দুই অপেনাৰ স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মাই প্ৰথম উইকেটত ১০৪ ৰানৰ যুটি বান্ধি এক সবল ভেটি গঢ়ি তোলে। 
অৱশ্যে অৰ্ধশতক বঞ্চিত হৈ স্মৃতিয়ে ৪৫ ৰান কৰি বিদায় লয় ।

ইয়াৰ পিছতেই শ্বেফালী আৰু জেমিমাৰ মাজত যোগ হয় ৬২ ৰান। দলক এক আকাংক্ষিত আৰম্ভণি প্ৰদান কৰি শ্বেফালীয়ে ৭৮টা বলত ৮৭ সাতাশী ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে। তাৰপিছত জেমিমাই ২৪ আৰু অধিনায়ক হৰমপ্ৰীত কৌৰেও ২০ ৰান সংগ্ৰহ কৰি সোনকালে বিদায় লয়। 

অৱশ্যে দলৰ দুই অন্যতম প্ৰধান বেটিং শক্তি দিপ্তী শৰ্মা আৰু ৰিচা ঘোষে প্ৰটিয়াছ বলিং আক্ৰমণক প্ৰত্যাহ্বান জনাই খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰি দলৰ ইনিংছ আগুৱাই নিয়ে। ৰিচাই ২৪টা বলত ৩৪ ৰান কৰি বিদায় লোৱাৰ পৰিৱৰ্তে দীপ্তিয়ে ৫৮ ৰান সংগ্ৰহ কৰি অন্তিম বলত ৰান আউট হয়। এইদৰে ভাৰতে টাৰ্গেট কৰে ২৯৮ ৰানৰ এক শক্তিশালী স্ক’ৰ ।

ইফালে, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱা দক্ষিণ আফ্ৰিকায়ো এই বৃহৎ লক্ষ্য অনুসৰণ কৰি সফল আৰম্ভণিয়েই ঘটাইছিল। এক দৰ্শনীয় ডাইৰেক্ট থ্ৰ’ৰে ৫ ৰানৰ স্ক’ৰত এই যুটি ভংগ কৰে অমনজ্যোতে। ব্যক্তিগত ২৩ ৰান কৰি ব্ৰিটছে বিদায় লোৱাৰ পিছতে ৬২ ৰানৰ স্ক’ৰত দক্ষিণ আফ্ৰিকাই হেৰুৱায় দ্বিতীয়টো উইকেট।

তৃতীয় উইকেটত অৱশ্যে লুচৰ সৈতে যুটি বান্ধি অধিনায়ক অ’লভাৰ্ডে দলৰ স্ক’ৰ আগুৱাই নিয়ে। কিন্তু শ্বেফালী বাৰ্মাই লুচক বিদায় দি এই যুটি ভংগ কৰে। ইয়াৰ পিছতে শ্বেফালীৰ চিকাৰ হয় অভিজ্ঞ কেপ। 
বেছি সময় নিটিকিল জাফটাও । অৱশ্যে ডাৰ্কছেনে অধিনায়ক অ’লভাৰ্ডক ইনিংছ আগুৱাই নিয়াত এক সঠিক সংগ দিছিল। কিন্তু দীপ্তিয়ে ডাৰ্কছেনক ৩৫ ৰাণতেই বিদায় দি মেচ পুনৰ ভাৰতৰ পক্ষলৈ আনে।

এফালে সঘন উইকেট পতনৰ পিছতো ক্ৰীজৰ থিয় দি যুঁজ অব্যাহত ৰাখে অধিনায়ক ল’ৰা অ’লভাৰ্ডে। 
 শতকৰ কিছু সময় পিছতে দীপ্তিয়ে ল’ৰাক (১০১)ত বিদায় দি ভাৰতৰ জয়ৰ সম্ভাৱনা উজ্জল কৰি তোলে।প্ৰটিয়াছ ইনিংছত দীপ্তিয়ে স্পীনৰ ঘূৰ্ণী তুলি ৫ উইকেট দখলেৰে ভাৰতীয় দলক দিয়ে বিশ্ব জয়ৰ সুখানুভূতি।

ফাইনেলত দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে জয়ৰ অন্যতম নায়িকা হৈ পৰা শ্বেফালী মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।
আনহাতে দীপ্তি শৰ্মাই লাভ কৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। ইয়াৰ পিছতেই সমগ্ৰ দেশতেই এতিয়া আনন্দৰ লহৰ। ভাৰতবাসীৰ দীৰ্ঘদিনীয়া স্বপ্ন পূৰ কৰি দেশবাসীক গৌৰৱময় ক্ষণৰ সাক্ষী কৰি তোলে।

বিশ্বজয়ৰ পাছতে ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোক শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে পুৰুষ ক্ৰিকেট দলৰ সদস্য সকলেও জনাইছে শুভেচ্ছা।

এদিনীয়া বিশ্বকাপ ক্ৰিকেট ক্ৰিকেট ক্ৰিকেট খেল