/asomiyapratidin/media/media_files/2025/03/02/O1JcLO29uCozyo2pnQFF.jpg)
ডিজিটেল ডেস্ক: ২০৫০ চনৰ ভিতৰত ভাৰত আমেৰিকা আৰু চীনৰ সমান্তৰালকৈ বিশ্বৰ তিনি মহাশক্তিৰ ভিতৰত অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিব। ভাৰতৰ সম্বন্ধে এই মন্তব্য শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহৰ। শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা 'এনএক্সটি ২০২৫ কনক্লেভ'ত অংশগ্ৰহণ কৰি উইক্ৰেমসিংহে কৰে এনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।
ভাষণ প্ৰসংগত উইক্ৰেমসিংহে ভাৰতৰ সৈতে ছয় দশকৰ সম্পৰ্কৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰি ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়।
লগতে তেওঁ কয়; "মই ১৯৬৩ চনৰ পৰা ভাৰতলৈ আহিছো। ভাৰতে এতিয়া অৰ্থনৈতিক মহাশক্তিৰ দিশে আগুৱাইছে। ২০৫০ চনৰ ভিতৰত মাত্ৰ তিনিখন বিশ্বশক্তি থাকিব: আমেৰিকা, চীন আৰু ভাৰত। এয়াই বাস্তৱ।"
ভাৰতৰ এই উত্থানক সমগ্ৰ দক্ষিণ এছিয়াক সমৃদ্ধিৰ নতুন যুগলৈ টানি নিব পৰা ইঞ্জিন বুলি অভিহিত কৰি উইক্ৰেমসিংহে। কেৱল ইমানেই নহয়, ভাৰতৰ জিডিপি বৰ্তমান প্ৰায় ৩.৫ ট্ৰিলিয়ন ডলাৰ। ২০৫০ চনৰ ভিতৰত এই পৰিসংখ্যা ৩০ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব- যিটো পূৰ্বৰ তুলনাত ৯গুণ বৃদ্ধি। এই দ্ৰুত বৃদ্ধিয়ে সমগ্ৰ দক্ষিণ এছিয়াৰ অৰ্থনীতিক পুনৰ গঢ় দিব। যোগান শৃংখল, অৰ্থনৈতিক কৰিডৰৰ বিকাশৰ জৰিয়তে বাংলাদেশ, নেপাল, শ্ৰীলংকা আৰু ইয়াৰ বাহিৰৰ দেশসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব বুলি মন্তব্য কৰে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইফালে দক্ষিণ এছিয়াৰ বাণিজ্য নীতিৰ মাজেৰে 'নেহৰুৰ সমাজবাদৰ অৱশিষ্ট' এতিয়াও উজলি আছে বুলি মন্তব্য় ৰানিল উইক্ৰেমসিংহৰ । দক্ষিণ এছিয়াৰ দেশসমূহে নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে বুলিও উল্লেখ কৰে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰানিল উইক্ৰেমসিংহৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।