/asomiyapratidin/media/media_files/2026/02/22/kjsdkjsdkfjdf-2026-02-22-23-37-52.jpg)
ডিজিটেল ডেস্কঃ ICC টি-২০ বিশ্বকাপৰ আজিৰ মেচত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হয় ভাৰতীয় পুৰুষ ক্ৰিকেট দল। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৭৬ৰানৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দলটো।
মেচখনৰ আৰম্ভণিত টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। তাৰপাছত দক্ষিণ আফ্ৰিকাই ১৮৭ ৰানৰ সংগ্ৰহ কৰে। কিন্তু আজি ভাৰতীয় দলটোৰ খেলুৱৈসকলে ভবা ধৰণে খেল নেদেখালে আৰু সংগ্ৰহ কৰে মাত্ৰ ১১১ ৰান।
১৮৮ ৰানৰ লক্ষ্যত উপনীত হব নোৱাৰা ভাৰতে আৰম্ভণিৰে পৰা মেচখনত অতি বেয়া খেল প্ৰদৰ্শন কৰে। প্ৰথমটো অভাৰতে ইশান কিষাণ শূন্য ৰানত আউট হয়। তাৰ পাছৰ অভাৰত আউট হয় তিলক বৰ্মা। তাৰপাছত ক্ৰমে সূৰ্য্য আৰু অভিষেকে খেলপথাৰলৈ আহে যদিও ভবা ধৰণে খেলিব নোৱাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us