/asomiyapratidin/media/media_files/2025/09/09/vc-2025-09-09-08-08-24.jpg)
ডিজিটেল ডেস্কঃ আজি দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্ধাৰিত ভোটকেন্দ্ৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৫.০০ বজাৰ ভিতৰত ভোটগ্ৰহণ হ’ব। ইয়াৰ পিছতে আৰম্ভ হ’ব ভোটগণনা। এইবাৰৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে চি পি ৰাধাকৃষ্ণনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধীয়ে বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।
উল্লেখযোগ্য যে, ২১ জুলাইত জগদীপ ধনখৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰিছিল পদত্যাগ পত্ৰ। তেতিয়াৰ পৰা উপ-ৰাষ্ট্ৰপতি পদ খালী হৈ আছে। ৭ আগষ্টত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে এক অধিসূচনা জাৰি কৰিছিল।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সাংসদ, ৰাজ্যসভাৰ ১২ জন মনোনীত সাংসদ আৰু লোকসভাৰ ৫৪৩ জন সাংসদে ভোটদান কৰিব পাৰিব। এইদৰে মুঠ ৭৮৮ জন লোকে এই নিৰ্বাচনত ভোটদান কৰিব পাৰিব।
এই নিৰ্বাচনত জয়ী হবলৈ এজন প্ৰাৰ্থীক প্ৰয়োজন হ'ব ৩৯১ টা ভোটৰ। এন ডি এৰ হাতত প্ৰয়োজনীয় ৩৯১ টা ভোটতকৈ ৩১ টা অধিক আছে। বিৰোধীৰ হাতত আছে ৩১২ টা ভোট। এনে প্ৰেক্ষাপটত এন ডি এৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত হৈ আছে। অৱশ্যে তাৰ মাজতো এনে ৪৮ টা ভোট আছে যি এন ডি এ অথবা বিৰোধীৰ ইণ্ডিয়া কাৰো সৈতে নাই। যাৰবাবে এতিয়া অধিক আকৰ্ষণীয় হৈ পৰিছে এই যুঁজ।