/asomiyapratidin/media/media_files/2025/09/16/yhhhd-2025-09-16-22-59-36.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ৫০শতাংশ কৰ আৰোপ কৰা আমেৰিকাই অচিৰেই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব পাৰে। কিয়নো এই বাণিজ্য চুক্তি সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত শেহতীয়াকৈ এক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত দক্ষিণ আৰু মধ্য এছিয়াত আমেৰিকাৰ ব্যৱসায়িক প্ৰতিনিধি ব্ৰেণ্ডন লিঞ্চে আমেৰিকাৰ পক্ষৰ পৰা মুখ্য আলোচনাপন্থী হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে ভাৰতৰ ফালৰ পৰা অতিৰিক্ত সচিব ৰাজেশ আগৰৱাল উপস্থিত থাকে।
আমেৰিকাৰ দূতাবাসে কয় যে দ্বিপাক্ষিক বাণিজ্য আলোচনা সন্দৰ্ভত এই বৈঠক ইতিবাচক। আমেৰিকাৰ আলোচনাপন্থী দলৰ সৈতে এই বৈঠক ৭ ঘণ্টা ধৰি চলিছিল। এদিনীয়া আলোচনাৰ বাবে সোমবাৰে সন্ধিয়া (১৫ ছেপ্টেম্বৰ, ২০২৫) নতুন দিল্লীত উপস্থিত হৈছিলব্ৰেণ্ডনলিঞ্চ ।
ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত আমেৰিকাৰ উচ্চ পদস্থ বাণিজ্যিক বিষয়াৰ এয়া প্ৰথম ভ্ৰমণ। ভাৰতে ৫০ শতাংশৰ ডাঙৰ শুল্কক অন্যায় বুলি অভিহিত কৰিছে। বাণিজ্য মন্ত্ৰালয়ে কয় যে এই বৈঠকত বাণিজ্য চুক্তিখন অতি সোনকালে সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে, "ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা ইতিবাচক আৰু দূৰদৰ্শী আছিল। ইয়াত বহু দিশ অন্তৰ্ভুক্ত কৰা হৈছিল।" বাণিজ্য মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ব্ৰেণ্ডন লিঞ্চ আৰু ভাৰতীয় বিষয়াৰ মাজত হোৱা বৈঠকক ষষ্ঠ ৰাউণ্ডৰ আলোচনা হিচাপে নাভাবি তাৰ পূৰ্বসূৰী হিচাপেহে চাব লাগে।