আন্তঃদেশীয় ধন প্ৰেৰণ হৈ পৰিব মেচেজ প্ৰেৰণ কৰাৰ দৰেই সহজঃ ডুবাইত উদ্বোধন ভাৰতৰ UPI–UPU সংযোগ প্ৰকল্প

যোগাযোগ আৰু উত্তৰ–পূবাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম. শিন্দিয়াই ডুবাইত অনুষ্ঠিত ২৮ সংখ্যক ইউনিভাৰ্চেল প'ষ্টেল কংগ্ৰেছত UPI–UPU Integration Project উদ্বোধন কৰে।

author-image
Tushar Pratim
New Update
আন্তঃদেশীয় ধন প্ৰেৰণ হৈ পৰিব মেচেজ প্ৰেৰণ কৰাৰ দৰেই সহজঃ ডুবাইত উদ্বোধন ভাৰতৰ UPI–UPU সংযোগ প্ৰকল্প

ডিজিটেল ডেস্কঃ যোগাযোগ আৰু উত্তৰ–পূবাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম. শিন্দিয়াই ডুবাইত অনুষ্ঠিত ২৮ সংখ্যক ইউনিভাৰ্চেল প'ষ্টেল কংগ্ৰেছত UPI–UPU Integration Project উদ্বোধন কৰাৰ পিছতে এই পদক্ষেপ আন্তঃদেশীয় ধন ৰেমিটেন্সত এক বিপ্লৱৰ লগতে এক ঐতিহাসিক পদক্ষেপ বুলি আখ্যা দিয়া হৈছে।

এই উদ্যোগ ভাৰতীয় ডাক বিভাগ, NPCI International Payments Limited আৰু Universal Postal Union (UPU)-ৰ যৌথ বিকাশ। ইয়াৰ জৰিয়তে ভাৰতৰ Unified Payments Interface (UPI) আৰু UPU Interconnection Platform ক সংযুক্ত কৰা হৈছে। যাৰ ফলত ডাক ব্যৱস্থাৰ বিস্তৃত নেটৱৰ্কৰ সৈতে UPI-ৰ গতিশীল আৰু কম মূল্যৰ সেৱাৰ সংযোগ ঘটিব।

শিন্দিয়াই উদ্বোধনী ভাষণত কয়, “এয়া কেৱল প্ৰযুক্তিগত উদ্বোধন নহয়, এটা সামাজিক প্ৰতিশ্ৰুতিও।” এই উদ্যোগৰ জৰিয়তে দুয়োখন দেশত বাস কৰা পৰিয়ালে এতিয়া সুৰক্ষিত, তৎক্ষণাত আৰু অতি কম খৰচত ধন ট্ৰেন্সফাৰ কৰিব পাৰিব। তেওঁ ঘোষণা কৰে যে, ভাৰতে এই খণ্ডত ১০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিব। এই ধন নতুন প্ৰযুক্তি, ই-কমাৰ্চ, ডিজিটেল পেমেণ্ট, প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধিত ব্যৱহাৰ কৰা হ’ব। 

শিন্দিয়াই আৰু কয়, আধাৰ, জন ধন আৰু India Post Payments Bank-এ একেলগে ৫৬০ মিলিয়নৰো অধিক বেংক একাউণ্ট খোলিবলৈ সহায় কৰিছে, যাৰ সিংহভাগেই মহিলাৰ নামত আছে। যোৱা বছৰত India Post-এ ৯০০ মিলিয়নৰো অধিক চিঠি আৰু পাৰ্ছেল বিতৰণ কৰিছিল।

তেওঁ কয়, “২০২৪-২৫ বছৰত UPI-এ ১৮৫ বিলিয়নৰো অধিক লেনদেন কৰিছে, যাৰ মুঠ মূল্য প্ৰায় ২.৮৩ ট্রিলিয়ন ডলাৰ। ই বিশ্বৰ প্ৰায় অর্ধেক ডিজিটেল পেমেণ্টৰ সমান। UPI–UPU সংযোগৰ ফলত এতিয়া আন্তঃদেশীয় ধন প্ৰেৰণ টেক্সট মেছেজ পঠোৱাৰ দৰে সহজ হৈ পৰিব।”

ভাৰতীয় প্ৰবাসীসকলৰ বাবে এই উদ্যোগে কম মূল্য আৰু তৎক্ষণাত ধন প্ৰেৰণৰ সুবিধা কৰিব। ডাক ব্যৱস্থাৰ বাবে নতুন আয়ৰ পথ খোলিব। ভাৰতে ইয়াক ৰাষ্ট্ৰসংঘৰ Sustainable Development Goal–২০৩০ৰ ভিতৰত আন্তঃদেশীয় ৰেমিটেন্সৰ খৰচ ৩ শতাংশৰ তললৈ হ্ৰাস কৰা লক্ষ্যৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে।

জ্যোতিৰাদিত্য সিন্ধিয়া dubai ইউ পি আই