New Update
/asomiyapratidin/media/media_files/2025/08/22/dddddddddddd-2025-08-22-10-33-22.jpg)
ডিজিটেল ডেস্কঃ বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিব। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মহাকাশলৈ ভাৰতে প্ৰেৰণ কৰি গগনযান-জি-১ । এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে ইছৰোৰ মুৰব্বীয়ে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)ৰ মুৰব্বী ভি নাৰায়ণনে বৃহস্পতিবাৰে কয় যে প্ৰথমটো ক্ৰুটিবিহীন অভিযানৰ বাবে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গগনিয়ান-জি-১ উৎক্ষেপণ কৰা হ’ব।
নাৰায়ণনে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু গ্ৰুপৰ অধিনায়ক শুভাংশু শুক্লা আৰু প্ৰসন্ত বালকৃষ্ণন নাইৰৰ সৈতে যৌথ সংবাদমেল সম্বোধন কৰে। নাৰায়ণনে কয়, "যোৱা চাৰি মাহত এই ক্ষেত্ৰত বহু সাফল্য লাভ কৰা হৈছে আৰু এই বছৰৰ শেষৰ ফালে, হয়তো ডিচেম্বৰৰ ওচৰত, প্ৰথমটো ক্ৰুবিহীন মিছন জি ১ সফলতাৰে প্ৰেৰণ কৰা হব মহাকাশলৈ।
ইয়াৰ লগতে সফল এক্সিয়ম-৪ অভিযানৰ পৰা শেহতীয়াকৈ উভতি অহা শুক্লাই কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পোৱা অভিজ্ঞতা ভাৰতৰ নিজা গগনিয়ান অভিযানৰবাবে অতি উপযোগী হ’ব । শুক্লাই কয়, "যোৱা এটা বছৰত মই সংগ্ৰহ কৰা সকলো তথ্য আমাৰ নিজৰ মিছন, গগণিয়ান আৰু ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ বাবে অত্যন্ত উপযোগী হ'ব। অতি সোনকালে, আমি আমাৰ কেপচুলৰ পৰা, আমাৰ ৰকেটৰ পৰা আৰু আমাৰ মাটিৰ পৰা কোনোবা এজনক মহাকাশলৈ প্ৰেৰণ কৰিম।
উল্লেখ কৰা প্ৰয়োজন যে, ইছৰোৰ গগনযান কাৰ্যসূচী হৈছে ভাৰতৰ ক্ৰুযুক্ত মহাকাশ অভিযান যাৰ লক্ষ্য হৈছে মানুহক পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰা। ইয়াৰ লক্ষ্য হৈছে মহাকাশচাৰীক নিৰাপদে উৎক্ষেপণ, টিকিয়াই ৰখা আৰু পৃথিৱীলৈ ঘূৰাই অনাৰ দেশখনৰ সামৰ্থ্য প্ৰদৰ্শন কৰা।
এই কাৰ্যসূচীত মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিয়া, জীৱন-সহায়ক ব্যৱস্থা বিকশিত কৰা, আৰু ক্ৰুযুক্ত মহাকাশযান পৰীক্ষা কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ সফলতাই ভাৰতৰ মহাকাশ অন্বেষণত এক উল্লেখযোগ্য জাঁপ দিব, দেশখনক ক্ৰুযুক্ত অভিযান আৰম্ভ কৰিব পৰা নিৰ্বাচিত গোটৰ ভিতৰত স্থান দিব।