/asomiyapratidin/media/media_files/2026/03/09/new-a-2026-03-09-10-25-26.jpeg)
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ-২০২৬ৰ খিতাপ দখল কৰি টীম ইণ্ডিয়াই পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব, আপুনি জানেনে? ২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত ভাৰতীয় দলটোৱে ৩০ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ২৭.৫ কোটি টকা পুৰস্কাৰ ধন লাভ কৰে। এই ধন ৰাশি প্ৰথমে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক দিয়া হ’ব আৰু তাৰ পিছত খেলুৱৈসকলৰ মাজত বোনাছ, মেচ মাচুল, আৰু অন্যান্য পুৰস্কাৰৰ ৰূপত বিতৰণ কৰা হ’ব।
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো নিউজিলেণ্ডেও যথেষ্ট পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰে। ৰানাৰ্ছ আপ হিচাপে নিউজিলেণ্ডক ১৬ লাখ ডলাৰ বা প্ৰায় ১৪.৭ কোটি প্ৰদান কৰা হয়। আনহাতে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাইও যথেষ্ট পৰিমাণৰ ধন লাভ কৰিছে। দুয়োটা দলকে ৭ লাখ ৯০ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৭.২৪ কোটি টকাৰ পুৰস্কাৰ ধন প্ৰদান কৰা হয়।
প্ৰতিযোগিতাখনৰ ছুপাৰ ৮ পৰ্যায়ত প্ৰৱেশ কৰা দলসমূহেও যথেষ্ট পুৰস্কাৰ লাভ কৰে। জিম্বাবুৱে, পাকিস্তান, শ্ৰীলংকা, আৰু ৱেষ্ট ইণ্ডিজক ৩ লাখ ৮০ হাজাৰ ডলাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনৰ ২০টা দলকে উৎসাহিত কৰিবলৈ আইচিচিয়ে গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাসকলকো পুৰস্কৃত কৰে।
আফগানিস্তান, অষ্ট্ৰেলিয়া, কানাডা, আয়াৰলেণ্ড, ইটালী, নামিবিয়া, নেপাল, নেদাৰলেণ্ড, ওমান, স্কটলেণ্ড, ইউ এ ই, আৰু আমেৰিকাই ২ লাখ ৫০ হাজাৰ ডলাৰ বা প্ৰায় ২৩ মিলিয়ন (প্ৰায় ২.৩ কোটি ₹) লাভ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us