টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ, ২০২৬ৰ বাবে সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ১৫জনীয় দল ঘোষণা কৰে BCCI এ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 7.13.36 PM

ডিজিটেল ডেস্কঃ সকলোৰে জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল।মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত চূড়ান্ত কৰে এই কথা।৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ, ২০২৬ৰ বাবে সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ১৫জনীয় দল ঘোষণা কৰে BCCI এ। উল্লেখ্য যে এই দলটোৱে আগন্তুক নিউজিলেণ্ডৰ বিৰুদ্ধেও টি-২০ শৃংখলা খেলিব। 

image (48)

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে টিম ইণ্ডিয়াৰ পেচ এটেকত নেতৃত্ব দিব যশপ্ৰীত বুমৰাহে। বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে স্পিন এটেকৰ দায়িত্ব ​​কান্ধত ল’ব। ইয়াৰ উপৰিও হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেক টিম ইণ্ডিয়াত অল ৰাউণ্ডাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

download (3)

আশ্চর্যজনকভাৱে এই দলৰ পৰা বাদ পৰিল তাৰকা ক্রিকেটাৰ শুভমন গিল। বিপৰীতে সকলোকে আচৰিত কৰি দলত স্থান লাভ কৰিলে ঈশান কিষনে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দেশৰ মাটিত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ। ইপিনে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলটোত আছে  সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটৰক্ষক), ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, অক্ষৰ পেটেল (সহঃ অধিনায়ক), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰানা, অৰ্শদ্বীপ সিং, ৰিংকু সিং। ইপিনে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০টা দলে অংশগ্ৰহণ কৰিব । চাৰিটা গ্ৰুপত দলকেইটাক  ভাগ কৰা হৈছে ।

8b59c60e-f5eb-4bc0-aec3-46dc93e4dfde

টি-২০ বিশ্বকাপ