/asomiyapratidin/media/media_files/2025/11/28/348-2025-11-28-13-14-14.jpg)
ডিজিটেল ডেস্ক : মহেন্দ্ৰ সিং ধোনীৰ গৃহচহৰ ৰাঁচী। তাতেই হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া মেচ। ইতিমধ্যে উভয় দল উপস্থিত হৈছে চহৰখনত।
ৰোহিত শৰ্মা- বিৰাট কোহলিয়েও যোগ দিছে দলত। কিন্তু তাৰ মাজতে একালৰ সতীৰ্থ তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ওচৰলৈ ঢাপলি মেলিছে টীম ইণ্ডিয়াৰ কেইবাগৰাকী খেলুৱৈ।
নিশাই মহেন্দ্ৰ সিং ধোনীৰ বাসগৃহ অভিমুখে ৰাওনা হৈছে সতীৰ্থ বিৰাট কোহলি। ধোনী আৰু কোহলিৰ সম্পৰ্ক যে অতি মধুৰ সেই কথা সকলোৱে জানে। কোহলিয়ে টেষ্ট অধিনায়কৰ দায়িত্বৰ পৰা বিদায় লওঁতে একমাত্ৰ ধোনীয়েই লৈছিল খবৰ। তাৰোপৰি কোহলিৰ বিভিন্ন জটিল সময়ত দুখৰ লগৰী হৈ আহিছে এম এছ ধোনী।
গতিকে এনে এগৰাকী সতীৰ্থক মুঠেও পাহৰিব নোৱাৰে বিৰাটে। সেয়ে ৰাঁচীত উপস্থিত হৈয়ে কোহলিয়ে ঢাপলি মেলিলে ধোনীৰ বাসগৃহলৈ বুলি। ৰৈ নাথাকিল ধোনীৰ অনুজ উইকীত কীপাৰ বেটাৰ ঋষভ পণ্টো।
ৰাঁচীত আহি গুৰুক সাক্ষাৎ নকৰিলে পাপে চুব বুলি ভাবি নিশাই ঋষভো গ’ল ধোনীৰ বাসগৃহলৈ। বিৰাট- পণ্টক দেখি ৰৈ নাথাকিল ৰুতুৰাজ গাইকোৱাড়ো। তিনিও পৃথকে পৃথকে ধোনীৰ ঘৰত নিশাৰ আলহী হয়।
সাক্ষী ধোনীয়ে যুটিৰে ৰান্ধি দিয়া নৈশ আহাৰ গ্ৰহণ কৰিলে আটায়ে। ইয়াৰ পাছতে ধোনীয়ে নিজে গাড়ী চলাই বিৰাট কোহলিক আগবঢ়াই দিয়ে। ইতিমধ্যে ধোনী- বিৰাটৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us