ভূমিকম্পত ক্ষতিগ্ৰস্ত আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰেৰণ...

আফাগানিস্তানত ভূমিকম্পই ধ্বংস লীলা চলোৱাৰ পাছতেই দেশখনলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰত চৰকাৰে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে আফগানিস্তানৰ সৈতে যোগাযোগ কৰি পৰিস্থিতিৰ বুজ লৈছে।

author-image
Asomiya Pratidin
New Update
ভূমিকম্পত ক্ষতিগ্ৰস্ত আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰেৰণ...

ডিজিটেল ডেস্কঃ আফাগানিস্তানত ভূমিকম্পই ধ্বংস লীলা চলোৱাৰ পাছতেই এতিয়া দেশখনলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰত চৰকাৰে। আজি ভাৰতৰ বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে আফগানিস্তানৰ বিদেশ মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি দেশখনৰ পৰিস্থিতিৰ সন্দৰ্ভতবুজ লয়। 

ড০ এছ জয়শংকৰে এই প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকসকলৰ বাবে শোক প্ৰকাশো কৰে। তাৰোপৰি তেওঁ দেশখনৰ এই বিপদৰ সময়ত ভাৰত তেওঁলোকৰ কাষত আছে বুলিও আশ্বাস প্ৰদান কৰে। 

ড০ এছ জয়শংকৰে সামাজিক মাধ্যমৰ এটা পোষ্টত জনোৱা মতে, ভাৰতে আজি কাবুলত এহাজাৰ পৰিয়ালৰ বাবে তম্বু সাহায্য হিচাপে প্ৰেৰণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে ভাৰতীয় মিছনৰ দ্বাৰা কাবুলৰ পৰা কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী মানৱীয় সাহায্য হিচাপে প্ৰেৰণ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে মঙলবাৰে ভাৰতৰ পৰা অতিৰিক্ত সাহায্য সামগ্ৰীও দেশখনলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ ভূমিকম্পত আহতসকলৰ সোনকালে সুস্থ হোৱাৰ কামনা কৰিছে আৰু কঠিন সময়ত ভাৰত আফগানিস্তানৰ কাষত থিয় দিব বুলি আশ্বাস দিছে।

ইফালে চীন ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ভূমিকম্পৰ ঘটনাৰ পাছতে শোক প্ৰকাশ কৰিছে। তেওঁ এক্সত লিখিছে, আফগানিস্তানত ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছো।আমাৰ চিন্তা আৰু প্ৰাৰ্থনা এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়াল সমূহৰ লগত আছে, আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদানৰ বাবে ভাৰত সাজু।

আফগানিস্তান ভূমিকম্প