/asomiyapratidin/media/media_files/2024/11/13/Q8cSRnNCzMS32qtc7Cqk.jpg)
ডিজিটেল ডেস্কঃ দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে মঙ্গলবাৰে কয় যে, ভাৰতে তিনিওটা মুখ্য বৌদ্ধিক সম্পত্তি (Intellectual Property) অধিকাৰৰ বাবে বিশ্বৰ শীৰ্ষ ১০ ত স্থান লাভ কৰিছে। পেটেণ্ট, ট্ৰেডমাৰ্ক আৰু ঔদ্যোগিক ডিজাইনৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
মন্ত্ৰণালয়ে জনায় ২০২৩ বৰ্ষত ট্ৰেডমাৰ্ক দাখিলৰ ক্ষেত্ৰত ভাৰত বিশ্বক্ৰমত চতুৰ্থ স্থানত আছিল। তাৰ পৰা এতিয়া ৬.১ শতাংশ বৃদ্ধি হৈছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে কয় ট্ৰেড মাৰ্ক দাখিলৰ প্ৰায় ৯০ শতাংশই স্থানীয় নাগৰিকে কৰে আৰু তেওঁলোকে কৃষি, স্বাস্থ্য আৰু কাপোৰকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডবোৰক নেতৃত্ব দিছে।
ভাৰতৰ ট্ৰেডমাৰ্ক কাৰ্যালয়ে বিশ্বৰ সৰ্ববৃহৎ দ্বিতীয় সংখ্যক সক্ৰিয় পঞ্জীকৰণ ধৰি ৰাখিছে। যাৰ পৰিমাণ ৩.২ মিলিয়নতকৈ অধিক। ই দেশৰ বিশ্বব্যাপী ব্ৰেণ্ড সুৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী স্থিতিক প্ৰতিফলিত কৰিছে।
বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাৰ বিশ্ব বৌদ্ধিক সম্পত্তি সূচক ২০২৪ ৰ ফলাফলত ভাৰতৰ উদ্ভাৱন আৰু বৌদ্ধিক সম্পত্তি ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বুলিও মন্ত্ৰণালয়ে উল্লেখ কৰিছে।
বৌদ্ধিক সম্পত্তি অধিকাৰ কি?
বৌদ্ধিক সম্পত্তি অধিকাৰ (Intellectual Property Rights চমুকৈ IPR) হৈছে এক আইনগত সুৰক্ষা। এই সুৰক্ষা ব্যৱস্থা এজন ব্যক্তি বা কোনো সংস্থাক তেওঁলোকৰ সৃষ্টিৰাজিৰ বাবে প্ৰদান কৰা হয়।
এই সৃষ্টিৰাজিৰ ভিতৰত আছে নতুন উদ্ভাৱন, ডিজাইন, চিহ্ন, নাম, শিল্প কৰ্ম ইত্যাদি। এই অধিকাৰসমূহে সৃষ্টিকৰ্তা বা গৰাকীসকলক তেওঁলোকৰ বৌদ্ধিক সম্পত্তি কেনেদৰে ব্যৱহাৰ কৰিব, বিতৰণ বা লাভ কৰিব, সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিব, অনুমতি অবিহনে আনে ব্যৱহাৰত বাধা প্ৰদান কৰাত সক্ষম হ'ব।