/asomiyapratidin/media/media_files/2025/08/10/ddddd-2025-08-10-21-03-25.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা ক্ষেত্ৰত অপ্ৰতিৰোধ্য ভাৱে আগবাঢ়িছে ভাৰত। বিশ্বৰ ভিতৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী ভেটি থকা দেশৰ ভিতৰত অন্যতম হৈ পৰিছে ভাৰত। শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে ২০২৪-২৫ বিত্তীয় বৰ্ষত সৰ্বকালৰ সৰ্বোচ্চ ১.৫ লাখ কোটি ঘৰত উপনীত হৈছে।
ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদনে ২০২৪-২৫ চনত সৰ্বকালৰ সৰ্বোচ্চ ১,৫০,৫৯০ কোটি টকা লাভ কৰিছে বুলি শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে। পূৰ্বৰ বিত্তীয় বৰ্ষৰ মুঠ ১.২৭ লাখ কোটি টকাৰ তুলনাত ইয়াৰ বৃদ্ধি প্ৰায় ১৮ শতাংশ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে অভিলেখ সৃষ্টি কৰিছে বুলিও সিঙে কয়। ২০২৪-২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বোচ্চ পৰিসংখ্যা ১,৫০,৫৯০ কোটি টকালৈ বৃদ্ধি পাইছে।’
ছ’চিয়েল মিডিয়া পোষ্টত তেওঁ কয় যে এই সংখ্যাই পূৰ্বৰ বিত্তীয় বৰ্ষৰ ১.২৭ লাখ কোটি টকাৰ উৎপাদনৰ তুলনাত ১৮ শতাংশ শক্তিশালী বৃদ্ধিৰ ইংগিত দিয়ে, আৰু ২০১৯-২০ চনৰ পৰা ৯০ শতাংশৰ আচৰিত বৃদ্ধিৰ ইংগিত দিয়ে, যেতিয়া এই সংখ্যা আছিল ৭৯,০৭১ কোটি টকা।’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us